“বানপানী মানে এজনী খীৰতী গাই”-অ জা পৰ সভাপতি লুৰিণজ্যেতি গগৈৰ মন্তব্য
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বানপানী হোৱাৰ সময়ত বা তাৰ আগে আগে জিঅ’ বেগৰ ব্যৱস্থা কৰে চৰকাৰে। অতদিনে যেতিয়া খৰালি থাকে শুকান হৈ থাকে তেতিয়া কোনো ধৰণৰ পদক্ষেপ হাতত নোলোৱাৰ কাৰণ কি?খৰালিত নদ নদী আদি শুকান থাকে যদিও সেই সময়ত কামবোৰ কৰিবলৈ সহজ হয় গতিকে বান পানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে খৰালিত ইয়াৰ কাম আৰম্ভ কৰিব লাগে, বিপৰীতে কিন্তু এই কাম বাৰিষাহে হাতত লোৱা দেখা যায়- এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ। তেওঁ আৰু কয় যে পৰিকল্পিত বিজ্ঞানসন্মত ভাৱে আধুনিক পদ্ধতিৰে মথাউৰি নিৰ্মাণ কৰাটো দৰকাৰ। বহুদিনৰ আগতে যি সমূহ মথাউৰি নিৰ্মাণ কৰিছিল তাৰ আয়ুসকাল গুছি গৈছে, সেই মথাউৰি সমূহ পুনৰ জীৱিত বা নিৰ্মাণৰ কাম চৰকাৰে নকৰে।কাৰণ মূল হৈছে ইয়াৰ লগত জৰিত হৈ থাকে কমিচনৰ কথা। বানপানী হোৱাৰ সময়ত বিভাগীয় বৰমূৰীয়া সকলে প্ৰয়োজনীয় কাম নকৰি কেইটামান জিঅ’ বেগ পেলায় আৰু তাৰ পৰা প্ৰয়োজনত কৈ বহু কম জিঅ’ ব্যৱহাৰ কৰে আৰু বেগৰ সংখ্যা বেছিকৈ দেখুৱাই ইয়াৰ পৰা বুজা বুজিৰে টকা পইচা লৈ ঠিকাদাৰ সকলৰ বৃহৎ মুনাফা হয়।অসমত বানপানী,গৰাখহনীয়া আৰু মথাউৰিত সমস্যা হৈছে চৰকাৰৰ কাৰণে,বিভাগীয় মন্ত্ৰীৰ আদিয়ে তেওঁলোকৰ কাৰণে “খীৰতী গাই” লৈ ৰূপান্তৰিত হয় বুলি মন্তব্য প্ৰকাশ কৰে অ জা পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে।