এটি স্তৱক – দিপ্তী মনি গোস্বামী

PC - Freepik

এটি স্তৱক

দিপ্তী মনি গোস্বামী, লখিমপুৰ

নাই,
নকৰোঁ মই কেতিয়াও
কোনো ক্ষেত্ৰতে  অভিমান
কিন্তু,
প্ৰতি পল প্ৰতি ক্ষণে
বজাই ৰাখোঁ স্বভিমান।
কেতিয়াবা,
হৃদয়খন ভাগে ঠনঠনকৈ
ঠুনুকা কাঁচ ভগাৰ দৰেই
তথাপিও,
কাকো দিব নিবিচাৰোঁ অনুমান
ত্ৰিকালদৰ্শীয়ে কালকূট পাণ কৰাৰ দৰেই
হেলাৰঙে,
কৰি পেলাওঁ মধুপাণ।