মানু্হৰ পৰিস্থিতি সলনি কৰিব নোৱাৰিলেওঁ মনস্থিতি সলনি কৰাৰ চেষ্টা কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

PC treehugger

মানু্হৰ পৰিস্থিতি সলনি কৰিব নোৱাৰিলেওঁ মনস্থিতি সলনি কৰাৰ চেষ্টা কৰক

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

প্ৰতিজন মানুহে জন্মসূত্ৰে নিজৰ নিজৰ ব্যক্তিগত জীৱনত একো একোটা ভিন্ন ধৰণৰ ঘৰুৱা পৰিবেশ, পৰিস্থিতি লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে বেচিভাগ মানুহৰে জীৱনতে নিজৰ ঘৰুৱা পৰিবেশ, পৰিস্থিতিৰ বৰ গভীৰভাৱে চাপ পৰা পৰিলক্ষিত হয়। সঁচা অৰ্থত কবলৈ গ’লে এজন মানুহৰ জন্মসূত্ৰে শ্ৰেণী বিভাজন কৰা কোনো যুক্তিসংগত কথা নহয় যদিওঁ বাস্তৱত আমি তাকেই অনুসৰণ কৰিব লগীয়া হয়। কাৰণ এজন নৱজাত শিশুৰ সৰ্বাংগীন বিকাশ বাবে বেচিভাগ ক্ষেত্ৰতে ঘৰুৱা পৰিবেশ, পৰিস্থিতিয়ে এক অপৰিহাৰ্য্য ভুমিকা গ্ৰহণ কৰা দেখা যায়। এতিয়া কথা হ’ল আমাৰ প্ৰতিখন সমাজতে কিছুমান নিম্ন শ্ৰেণীৰ মানুহ, কিছুমান মধ্যবিও শ্ৰেণীৰ মানুহ আৰু কিছুমান উচ্চ শ্ৰেণীৰ মানুহে বিৰাজমান কৰে। অৰ্থাৎ প্ৰতিটো শ্ৰেণীৰ মানুহে নিজৰ নিজৰ কৰ্মৰ অনুসৰি ফলাফল লাভ কৰিবলৈ সক্ষম হয়। গতিকে এজন উচ্চ শ্ৰেণীৰ  বা মধ্যবিত্ত শ্ৰেণীৰ মানুহে হয়তো একেবাৰে নিম্ন বৰ্গৰ দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ ঘৰুৱা পৰিবেশ, পৰিস্থিতি দেখি হয়তো একেবাৰ আবেগিক কৰি তুলিব পাৰে। আচলতে আবেগ সমূহে প্ৰায়বোৰ মানুহৰ অন্তৰত স্বতঃস্ফুৰ্তভাৱে ঘৰ বনাই লবলৈ সক্ষম হয়। কিন্তু অন্তৰত উজ্জীৱিত হোৱা আবেগ সমূহক আমি হয়তো বিভিন্ন মাধ্যমেৰে আওকাণ কৰি এৰাই চলিবলৈ চেষ্টা অব্যাহত ৰাখোঁ। কাৰণ আমি মনে মনে নিজে অনুভৱ কৰোঁ যে বৰ্তমান পৰিস্থিতিত আনক উঠাবলৈ গৈ নিজেই যদি খালত সোমাই মৰিবলগীয়া হয় তেন্তে আমাক কোনে আহি উদ্ধাৰ কৰিব নহয়নে ? এইটো একেবাৰে শুদ্ধ চিন্তাধাৰা বুলিয়েই ক’ব লাগিব। ইয়াৰ উপৰিও আমি এটা এটাকৈ প্ৰতিজন মানুহৰে পৰিবেশ,পৰিস্থিতি আদি সলনি কৰি যোৱাটো অসম্ভৱ কথা বুলিয়েই উল্লেখ কৰিব লাগিব। গতিকে পৰাপক্ষত মানুহৰ পৰিস্থিতি সলনি কৰিব নোৱাৰিলেওঁ মনস্থিতি সলনি কৰাৰ চেষ্টা কৰক । কাৰণ এজন মানুহৰ যেতিয়াই মনস্থিতি সম্পূৰ্ণভাৱে সলনি হৈ পৰিব তেতিয়া আপোনা-আপুনি পৰিবেশ আৰু পৰিস্থিতিবোৰ সলনি হবলৈ সময় নালাগিব। কিন্তু ইয়াতে কথা এটা উল্লেখ কৰি থ’লে ভাল হয় যে, সকলোবোৰ মানুহৰ মনস্থিতি সলনি কৰাটো কেতিয়াওঁ সম্ভৱপৰ নহয়। গতিকে যিবোৰ একেবাৰে নিম্ন শ্ৰেণীৰ মানুহৰ নিজৰ বৰ্তমান পৰিবেশ,পৰিস্থিতি পৰা আৰু অধিক ৰূপত সফলতা লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেনেধৰণৰ মানুহকে মনস্থিতি সলনি কৰিব পৰাকৈ জ্ঞান প্ৰদান কৰক। অৰ্থাৎ আগ্ৰহ প্ৰকাশ কৰিলেহে মানুহক জ্ঞান প্ৰদান কৰক বা সহায়ৰ হাত আগবঢ়ায় দিয়ক। আচলতে আমাৰ মাজতে এনে বহুতো উদাহৰণ উজ্জীৱিত হৈ আছে, যিবোৰ মানুহ জীৱনত পৰিবেশ, পৰিস্থিতিৰ ভুমিকা একেবাৰে সামান্য হোৱাৰ পিছতো কেবল একমাত্ৰ ব্যক্তি গৰাকীৰ মনস্থিতিৰ সঠিক পৰিবৰ্তন ফলত আজি গোটেই বিশ্বতে তেখেতসকলৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।এখন দেশ বা সমাজৰ সৰ্বাংগীন উন্নতিৰ বাবে অৰ্থ বা টকা-পইচাৰ এক উল্লেখযোগ্য ভুমিকা আছে। কিন্তু আৰ্থিক উন্নতিৰ লগতে শৈক্ষিক উন্নতিৰ অতি আৱশ্যকীয়তা আছে। কিন্তু আৰ্থিক, শৈক্ষিক উন্নতিৰ উপৰিও মানুহৰ মানসিক স্থিতিৰ পৰিবৰ্তন সাব্যস্ত নহ’লে এখন জাতি, এখন সমাজ বা এখন ৰাষ্ট্ৰয় কেতিয়াও সম্পূৰ্ণৰূপে সফলতা অৰ্জন কৰিব নোৱাৰে। মুখ্যতঃ এজন ব্যক্তিৰ মন, মস্তিষ্কৰ পৰিবৰ্তন পৰাই সকলো ধৰণৰ পৰিবৰ্তনৰ কথা কল্পনা কৰিব পাৰি।