একেটা বছৰত দুটা শস্যৰ খেতিৰ বাবে ৰাজ্যখনৰ ১,০০০ হেক্টৰ কৃষি ভূমি সামৰি নতুন প্ৰকল্পৰ শুভাৰম্ভ

একেটা বছৰত দুটা শস্যৰ খেতিৰ বাবে ৰাজ্যখনৰ ১,০০০ হেক্টৰ কৃষি ভূমি সামৰি নতুন প্ৰকল্পৰ শুভাৰম্ভ

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্যখনৰ কৃষি উৎপাদিকা শক্তিৰ লগতে কৃষকৰ আয় বৃদ্ধিৰ বাবে কৃষিভূমি চন পেলাই নাৰাখি বছৰত দুটা বা ততোধিক খেতি কৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে বিশেষ অগ্ৰাধিকাৰ দি আহিছে। অসম কৃষি বিশ্ববিদ্যালয়ে এই দিশটোত গুৰুত্ব আৰোপ কৰি শালিধান চপোৱাৰ পাছত চন পৰি থকা ৰাজ্যখনৰ ১,০০০ হেক্টৰ ভূমিত মাহজাতীয় শস্য, সৰিয়হ খেতি কৰাৰ বাবে এক অভিলাষী প্ৰকল্প যুগুতাই উলিয়াইছে।  গুৱাহাটীৰ নিকটৱৰ্তী কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যানশস্য গৱেষণা কেন্দ্ৰত কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত একেডৰা মাটিত বছৰত দুটা শস্যৰ খেতি সম্পৰ্কীয় এখন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ কৃষকসকলক আয় বৃদ্ধিৰ বাবে ডাবল ক্ৰপিঙৰ জৰিয়তে ৰাজ্যখনৰ কৃষিনিৰ্ভৰ অৰ্থনীতিক ঊৰ্ধ্বমুখী কৰি ৰখাত সহায়ক হ’ব বুলি উল্লেখ কৰে আৰু এইক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ এই প্ৰকল্পই কৃষকসকলক যথেষ্ট সহায় কৰিব বুলি মন্তব্য প্ৰকাশ কৰে। ইয়াৰ বাবে প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ২৩ খন জিলাৰ ১০০০ হেক্টৰ কৃষিভূমিত এই পদ্ধতি চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ৭ টা গৱেষণা কেন্দ্ৰ আৰু ২৩ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে ডাবল ক্ৰপিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগ, ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকে সহযোগিতা আগবঢ়াব।  অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ে শস্যৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ ব্যৱস্থাকে ধৰি অন্যান্য আনুষংগিক বিভিন্ন তথ্য ডিজিটেল মাধ্যমেৰে কৃষকক যোগান ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা দ্বিভাষিক (ইংৰাজী-অসমীয়া)মোবাইল এপ্ AAU PEST DOC মুকলি কৰে।  অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম চৰকাৰৰ কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়া, নাবাৰ্ডৰ উপ-পৰিচালন সঞ্চালক জি এছ সিং ৰাৱট, ভৰতপুৰৰ ৰেপছিদ আৰু সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ সঞ্চালক ড° পি কে ৰায়, হায়দৰাবাদৰ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° আৰ এম সুন্দৰম, ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য প্ৰগ্ৰেমৰ প্ৰধান পি পাইঠাংকৰ, ভাৰতীয় মাহজাতীয় শস্য গৱেষণা প্ৰতিষ্ঠান-কাণপুৰৰ প্ৰকল্প সমন্বয়ক ড° এছ ত্ৰিপাঠী, কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ সঞ্চালক ড° জি কাডিৰভেল প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী, অন্যান্য বিষয়া, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।