নীট কেলেংকাৰিত জড়িত থকা অভিযোগত ঝাৰখণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষ-উপাধ্যক্ষক গ্ৰেপ্তাৰ

নীট কেলেংকাৰিত জড়িত থকা অভিযোগত ঝাৰখণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষ-উপাধ্যক্ষক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নীট- ইউজি ২০২৪ৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে চিবিআয়ে। ঝাৰখণ্ডৰ হাজাৰিবাগৰ ৱেচিছ স্কুলৰ অধ্যক্ষ আৰু উপাধ্যক্ষক গ্ৰেপ্তাৰ কৰাৰ পিছত চিবিআয়ে  এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত হাজাৰিবাগৰ পৰা এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। জামালুদ্দিন নামৰ সাংবাদিকজন নীটৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰাৰ পিছতে চিবিআয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। ইপিনে ঝাৰখণ্ডত অভিযান চলাই কেইবাজনক গ্ৰেপ্তাৰ কৰা চিবিআইৰ এটা দলে গুজৰাটৰ কেইবাটাও স্থানত অভিযান চলাই আছে। ৰাজ্যখনৰ গোধৰা, খেড়া, আনন্দ আৰু আহমেদাবাদকে ধৰি সাত স্থানত চিবিআয়ে  অভিযান চলাইছে। নীট-ইউজিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ তদন্তৰ দায়িত্ব ২৫ জুনত আনুষ্ঠানিকভাৱে গ্রহণ কৰি চিবিআয়ে ২৭ জুনত বিহাৰৰ পাটনাৰ পৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। মনীষ প্রকাশ আৰু আশুতোষ নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে চিবিআয়ে তদন্ত ক্ষিপ্ৰতৰ কৰি ঝাৰখণ্ড, গুজৰাটত এই কেলেংকাৰিত জড়িত অভিযুক্তক বিচাৰি অভিযান চলাই আছে। উল্লেখ্য যে চিবিআয়ে নীটৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় ছটা গোচৰৰ তদন্ত চলাব। এই ছটা গোচৰৰ ভিতৰত বিহাৰ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ এটাকৈ, ৰাজস্থানৰ তিনিটা গোচৰ আছে। নেচনেল টেষ্টেং এজেঞ্চীয়ে নীট-ইউজি ২০২৪ দেশজুৰি ৫৭১খন চহৰৰ ৪,৭৫০টা কেন্দ্ৰত আয়োজন কৰিছিল। ২৪ লাখতকৈ অধিক শিক্ষার্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ৪ জুনত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ফলাফলত ৬৭ শিক্ষার্থীয়ে শীর্ষস্থান লাভ কৰাৰ বিপৰীতে বিহাৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য প্ৰচাৰ হৈছিল। ইয়াৰ লগে লগে দেশজুৰি এই পৰীক্ষাক লৈ তীব্র প্রতিবাদ সাব্যস্ত হয় আৰু কেন্দ্ৰীয় চৰকাৰে এই কেলেংকাৰিৰ তদন্ত চিবিআইৰ হাতত অর্পণ কৰে।