গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বীট কেলেংকাৰীৰ সৈতে জড়িত ৮ জন লোকক গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মার্কশীট কেলেংকাৰিৰ তদন্ত ক্ষিপ্রগতিৰে আগুৱাই নিছে চিআইডি-বৰপেটা আৰক্ষীয়ে। স্নাতক-স্নাতকোত্তৰ পৰীক্ষাৰ কোনো বিষয়ৰ ‘বেক’ ক্লীয়েৰ কৰাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি শিক্ষা ব্যৱস্থাটোক বজাৰলৈ পৰ্যবসিত কৰা এই কেলেংকাৰিটোৰ মাষ্টাৰমাইণ্ড বিহাৰৰ কৃষ্ণানন কৃষ্ণমূর্তিসহ ৮ জনক অনুসন্ধানকাৰী দলে বৰ্তমানপৰ্যন্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিহাৰৰ বাসিন্দা তথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ ছাত্ৰীৰ তথ্য, মার্কশীট আদি ইন্টিগ্রেটেড ইউনিভাছিটী মেনেজমেন্ট ছিষ্টেম (আইইউএমএছ)ৰ জৰিয়তে অনলাইনত আপলোড কৰাৰ দায়িত্বত থকা ‘এক্সপেণ্ডিচাৰ-ই-ছল্যুচন’ নামৰ সংস্থাটোৰ কৰ্মচাৰী কৃষ্ণানন কৃষ্ণমূর্তিক যোৱা ২৬ জুনত গ্ৰেপ্তাৰ কৰিছিল। বিয়াগোম কেলেংকাৰিটোৰ মাষ্টাৰমাইণ্ডজনে জেৰাকালত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত চিআইডি-বৰপেটা আৰক্ষীয়ে ধুবুৰী আইন মহাবিদ্যালয়ৰ কম্পিউটাৰ সহায়ক শিৱতোষ মাহাতোক জালত পেলায়। অনুৰূপ ধৰণে গ্ৰেপ্তাৰ কৰিছে বৰপেটা জিলাৰ কলগাছিয়াৰ ইছমাইল হোছেইন, কলগাছিয়া আমগুৰিব আলোমগীৰ খান, কলগাছিয়া বৰদঙা গাঁৱৰ মইনুল হক, কলগাছিয়া লাংলা গাঁৱৰ আবুল বাচেৰ, লাংলা মহাবিদ্যালয়ৰ লাইব্রেৰিয়ান অমিনুল ইছলাম আৰু নগাঁও জিলাৰ কচুৱাৰ হামেজ উদ্দিনক। সমগ্র বিষয়টো সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৬৮/১২০(বি)/৪৬৭/৪৭/৪২০নং ধাৰাত ৭৪/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বৰপেটা আৰক্ষীয়ে চিআইডিৰ সৈতে যুটীয়াভাৱে তদন্ত অব্যাহত ৰাখিছে। লক্ষণীয়ভাৱে ৰাজ্যৰ শৈক্ষিক-বৌদ্ধিক জগতখনক জোকাৰি যোৱা কেলেংকাৰিটো সন্দৰ্ভত বর্তমানপর্যন্ত অনুসন্ধানকাৰী বিষয়াই আনুষ্ঠানিকভাৱে কোনোধৰণৰ তথ্য সদৰী নাই। অৱশ্যে অনাগত সময়ত কেলেংকাৰিটোৰে জড়িত বহু এজেন্ট জালত পৰাৰ ইংগিত দিছে বৰপেটা আৰক্ষীৰ এক সূত্রই। সূত্ৰটোৱে প্রকাশ কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ তথ্য, মার্কশীট আদি আইইউএমএছযোগে অনলাইনত আপলোডৰ দায়িত্বত থকা সংস্থা ‘এক্সপেণ্ডিচাৰ-ই-ছল্যুচন’ৰ কর্তৃত্বশীল কৰ্মচাৰী হোৱাৰ সূত্রে সমস্ত দুষ্কাৰ্যৰ খলনায়ক আছিল কৃষ্ণানন কৃষ্ণমূর্তি। পুনৰীক্ষণৰ আবেদনৰ সুযোগ লৈ সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীৰ নম্বৰ মাৰ্কশীটত বঢ়াই দিয়াৰ পৰা সেয়া নতুনকৈ আপলোড কৰালৈকে, নীতি-বহির্ভূত কাৰ্যকলাপৰ আঁৰৰ মানুহজনেই কৃষ্ণানন কৃষ্ণমূর্তি আছিল। ইয়াৰ বিনিময়ত কৃষ্ণানন কৃষ্ণমূর্তিয়ে এজেণ্টৰ পৰা লাভ কৰিছিল নির্দিষ্ট পৰিমাণৰ ধন। ধৃত আটাইকেইজনকে অনুসন্ধানকাৰী দলে ইতিমধ্যে বৰপেটা জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই নিজ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে। এই জেৰাকালত গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত ‘কেছ ফৰ মাৰ্কছ’ কেনেধৰণৰ তথ্য পোহৰলৈ আহে সেয়া লক্ষণীয় হ’ব।উল্লেখ্য যে যোৱা ৩০ মে’ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত মার্কশীট জালিয়াতিৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল।