সাংসদৰূপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সাংসদৰূপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা– আজিৰ পৰা আৰম্ভ হৈছে নৰেন্দ্ৰ মোদী  চৰকাৰৰ সংসদৰ প্ৰথমখন অধিৱেশন ৷ আজি সংসদৰ সদস্যসকলে সাংবিধানিক বিধি অনুসৰি শপতগ্ৰহণ কৰে ৷ সংসদৰ চেণ্ট্ৰেল হলত আয়োজিত এক অনুষ্ঠানত প্ৰথমে শপতগ্ৰহণ কৰে সংসদৰ প্ৰটেম অধ্যক্ষ ভাৰ্তুহৰি মেহতাবে । মেহতাবক শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে । তাৰ পিচতেই অষ্টাদশ লোকসভালৈ নিৰ্বাচিত সংসদৰ সদস্যসকলক শপতবাক্য পাঠ কৰোৱাই প্ৰটেম অধ্যক্ষগৰাকীয়ে ৷লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে ৷ নৰেন্দ্ৰ মোদীৰ পাচতে শপত লোৱা দেখিবলৈ পোৱা যায় অমিত শ্বাহ, ৰাজনাথ সিং আদিকে ধৰি মোদী মন্ত্ৰীসভাৰ সদস্যসকলক ৷ আনহাতে, সাংসদৰূপে শপতগ্ৰহণ কৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সংসদৰ পবিত্ৰ মজিয়াত সাংসদ হিচাপে অসমীয়া ভাষাতে শপতগ্ৰহণ কৰি  বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাষ্ট্ৰৰ হকে নিষ্ঠাৰে কাম কৰি যোৱাৰ পণ লয় ৷ উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে লোকসভাত বিজেপিৰ সদস্যৰূপে শপতগ্ৰহণ কৰে অসমৰ সৰ্বানন্দ সোণোৱালে । ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় (অগপ), ২০১৪ চনৰ পৰা ২০১৬ চনলৈ লখিমপুৰ(২০১৬ চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ) আৰু এইবাৰ ২০২৪ চনত পুনৰ ডিব্ৰুগড়ৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছে সৰ্বানন্দ সোণোৱাল । ২০২১ চনৰ পৰা ২০২৪ চনৰ লোকসভা নিৰ্বাচন পৰ্যন্ত ৰাজ্যসভাৰ সদস্যৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷