প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় উদ্বোধন কৰিব জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় উদ্বোধন কৰিব জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প 

ৰঙিলী বাৰ্ত্তাসেৱা-  শীঘ্ৰে মুকলি হ’ব জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প ৷ অহা ডিচেম্বৰ-জানুৱাৰী মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জাগীৰোডত মুকলি কৰিব ছেমিকণ্ডাক্টৰ প্ৰকল্প। শনিবাৰে জাগীৰোডৰ নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰে ৷ শনিবাৰে জাগীৰোডত নির্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ছেমিকণ্ডাক্টৰ প্ৰকল্প সন্দৰ্ভত সবিশেষ ব্যাখ্যা কৰি সংবাদ মাধ্যমত উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ ছেমিকণ্ডাক্টৰ এছেম্বলিং আৰু টেষ্ট ফেচিলিটী হ’ব এই প্রকল্পত।কেতিয়ালৈ জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ মুকলি হ’ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ইতিমধ্যে এটা ক্লিন ৰুম নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ দ্বিতীয়টো ক্লিন ৰুম নিৰ্মাণ কাৰ্য চলি আছে ৷ প্ৰকল্পটো নিৰ্মাণ সম্পূৰ্ণ হ’লে বিশ্বৰ ভিতৰত সৰ্বাধিক ছেমিকণ্ডাক্টৰ উৎপাদনৰ কৰা চেন্টাৰ হিচাপে পৰিণত হ’ব জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্প ৷ তেওঁ লগতে কয়,জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ উদ্বোধন ডিচেম্বৰ বা জানুৱাৰী মাহত কৰা হ’ব ৷ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনোৱা হ’ব ৷ যিহেতু এই প্ৰকল্পত প্ৰতিদিনে প্ৰায় ৪৮ মিলিয়ন ছেমিকণ্ডাক্টৰ উৎপাদন হ’ব ৷ যিটো বিশ্বৰ ভিতৰতে ডাঙৰ আৰু আটাইতকৈ বেছি উৎপাদন কৰা কেন্দ্ৰ হিচাপে পৰিণত হ’ব ৷ জাগীৰোড ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ উদ্বোধনে দেশৰ বাবে গৌৰৱৰ ক্ষণ হ’ব ৷ উল্লেখ্য যে, ১৭০ একৰ ভূমিত প্ৰায় ২৭ হাজাৰ কোটি ব্যয়েৰে জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ আনহাতে এই প্ৰকল্প সম্পূৰ্ণ হলে ছেমি কণ্ডাক্টৰ প্ৰজেক্টত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৩০ হাজাৰ লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলি আশা কৰা হৈছে ।