জিলা পৰামৰ্শ সমিতি আৰু জিলা পুনৰীক্ষণ সমিতিৰ সভা

জিলা পৰামৰ্শ সমিতি আৰু জিলা পুনৰীক্ষণ সমিতিৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা পৰামৰ্শ সমিতি আৰু জিলা পুনৰীক্ষণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলাৰ মূৰব্বী পৰিচালক তথা জিলা পৰামৰ্শ আৰু পুনৰীক্ষণ সমিতিৰ আহ্বায়ক সন্তোষ শৰ্মাৰ আহ্বান মৰ্মে অনুষ্ঠিত উক্ত সভাখনত সভাপতিত্ব কৰে কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাই। কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, নাবাৰ্ডৰ ডি ডি এম, আৰ বি আইৰ এল ডি অ’, ডি আই চিৰ জেনেৰেল মেনেজাৰ আৰু বেংকৰ ডি ডি চি সদস্য সকল সভাত উপস্থিত থাকে। সভাত জিলা পৰামৰ্শ সমিতিৰ ১৮ টা আৰু জিলা পুনৰীক্ষণ সমিতিৰ ৫ টা আলোচ্য বিষয়ৰ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। তদুপৰি বিত্তীয় অন্তৰ্ভুক্তি পৰিকল্পনা, বেংকৰ এ চি পি পৰিৱেশন, চি ডি অনুপাত, কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি, আত্মসহায়ক গোটলৈ ব্যক্তিগত ঋণ, বিভিন্ন চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত বেংকৰ ভূমিকা আদিৰ ক্ষেত্ৰত আশাব্যঞ্জক লক্ষ্যত উপনীত হোৱাৰ বাবে সভাপতিয়ে সংশ্লিষ্ট সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে আৰু ২০২৪-২৫ বৰ্ষৰ আঁচনি সমূহ সঠিক সময়ত সঠিক ৰূপত কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷