ইউটিউবাৰ ভি ব্লগাৰ ৰীলছ ইত্যাদি – নবযানী বৰুৱা শইকীয়া

ইউটিউবাৰ ভি ব্লগাৰ ৰীলছ ইত্যাদি
নবযানী বৰুৱা শইকীয়া,  ডিগবৈ
বৰ্তমান সময়ত সামাজিক মাধ্যমত কাম কৰা মানুহৰ সংখ্যা দিনে দিনে বাঢ়িহে আছে। সহজ ধন ঘটা পদ্ধতি হিচাপে বহুতে ফেচবুক ভি ব্লগ বা ৰীলছ সমুহ ব্যবহাৰ আৰম্ভ কৰিছে। ইউটিউব আগৰে পৰাই টকা উপাৰ্জন কৰা মাধ্যম আছিল যদিও এতিয়া জনপ্ৰিয়তা বৃদ্ধি পাইছে। এইখিনিলৈকে ঠিকেই আছিল। কোনোবাই উপাৰ্জন কৰিছে তাত আমাৰ কব লগা নাই। কিন্তু উপাৰ্জন কৰিবলৈ যি কেইটা চৰ্ত পূৰণ কৰিব লাগে, সেই চৰ্ত পূৰণ কৰিবলৈ কৰা খৰ খেদাত গাৰ কাপোৰ খোল খাইছে সেইটোহে আমাৰ কবলগীয়া কথা।
প্ৰথম কথা ভিউজ বঢ়িলেহে উপাৰ্জন হয়। নিৰ্ধাৰিত ভিউজ পাবলৈ ইউটিউবাৰ ভি ব্লগাৰ বা পেজ সমূহে অতি নিম্ন মানৰ কণ্টেন্ত আগ বঢ়াই। বহু সময়ত অশ্লীল কথা বতৰা বা ভিদিও সমুহ ইয়াৰে পৰিণতি।
দ্বিতীয়তে, দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ যদি কাহিনী বিচাৰি নেপায়, তেনে চেনেল বা পেজ খনে গ্ৰু নকৰিব আৰু উপাৰ্জন কমি যাব। গতিকে ভাত খোৱা শাক খোৱা ভিদিও বনাই হলেও ভিউৱাৰ সকলক ধৰি ৰখাৰ বাবে চেষ্টা কৰা ফলত অবাঞ্চিত কিছূমান আপডেট দি থাকে যিবোৰে সমাজলৈ একো বাৰ্তা প্ৰেৰণ কৰিব নোৱাৰে।
তৃতীয়তে,  যিকোনো প্ৰকাৰে বিখ্যাত হৈ পৰা এই ভি ব্লগাৰ বোৰক বিভিন্ন প্ৰতিষ্ঠানে বিজ্ঞাপনত জৰিত কৰে। ভাল কথা। ভি ব্লগাৰ জনেও দুটকা পাই আৰু প্ৰতিষ্ঠানটোৰো প্ৰচাৰ হয়। কিন্তু এইখিনিতে লেঠা লাগে এইবুলি যে ভি ব্লগাৰ সকলে ভাবিবলৈ লয় তেওঁলোক পপুলাৰ বাবে নিমন্ত্ৰণ পাইছে। তেঁওলোকে কৰা কামক ৰাইজে আদৰি লোৱা বাবে সেই বিজ্ঞাপন বোৰত তেওঁলোকক লৈছে। আৰু সেই ব্লগাৰ সকলে অধিক মাত্ৰাত তেনেকুৱা ধৰনৰ পোষ্ট কৰিবলৈ আৰম্ভ কৰে। আচলতে কিন্তু কথা এইটো নহয় বুলি এতিয়া কম বুদ্ধিৰ ব্লগাৰ সকলক বুজাই কয় কোনে? অখ্যাত, কুখ্যাত আৰু বিখ্যাত এই তিনিটাৰ পৰস্পৰে সম্পৰ্ক আছে। অখ্যাত হ’লেও যদি ভাল কাম কৰি থাকে সেইজন ব্যক্তি সমাজৰ পূজ্য। ভিতৰি হলেও মানুহে তেওঁক শ্ৰদ্ধা কৰে। কুখ্যাত জন সমাজৰ কলংক। তেওঁৰ পৰা সমাজৰ উপকাৰ নহয়, কিন্তু সকলো কুখ্যাত আকৌ দাগী অপৰাধী নহয়। সেই যে অশ্লীল কণ্টেন তৈয়াৰ কৰি ভাইৰেল হয়, সেইসকলো কুখ্যাতৰ ভিতৰত পৰে। বিখ্যাত সকলক সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে জানে। তেওঁলোকৰ ভাল ভাল কাম বোৰ অনুকৰণ কৰে। তেওঁলোক সমাজৰ পূজ্য। এই বিখ্যাত সকলৰ মাজতে এতিয়া বিখ্যাত নং বি বুলি অভিহিত কৰিব পৰা কৈ এচাম বিখ্যাত হৈছে যিসকল সমাজৰ পূজ্য নহয়, তেওঁলোকক মানুহে অনুকৰণ নকৰে আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহে চেনিও নেপায়। এই বিখ্যাত নং বি ( famous no 3) সকল হৈছে ভাত খোৱা শাক খোৱা গা ধোৱা আদি ভিদিও ক্ৰিয়েত কৰা সকল। এওঁলোকৰ পোষ্ট সমুহ সস্তীয়া জনপ্ৰিয়তা লাভ কৰি বিখ্যাত (?) হৈ পৰে। প্ৰতিষ্ঠান কিছুমানে কম খৰছত প্ৰচাৰ কৰিব পৰাকৈ এওঁলোকক ব্যবহাৰ কৰে আৰু  এইটো স্থিতিক কয় প্ৰতিষ্ঠানটোৰ মাৰ্কেটিঙৰ দক্ষতা বা বাণিজ্যিক দক্ষতা। যোৱা কিছু বছৰৰ পৰা এনেকুৱা নাম বিহীন কাম বিহীন ক্ৰীয়েতৰক বিদেশ ভ্ৰমণত যোৱা দেখিছোঁ যত যোগ্য ভিদিও ক্ৰীয়েতৰৰ সংখ্যা তেনেই নগন্য আছিল। এইবোৰে ইন্ধন যোগাই আৰু এচাম ভি ব্লগাৰৰ জন্ম দি আছে।
চতুৰ্থতে, সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিব বিচৰা ভি ব্লগাৰ বোৰৰ লোভ বাঢ়ি গৈ আছে। মাৰ্কেটিঙৰ পলিচি ব্যবহাৰ কৰি এই সকলৰ দ্বাৰা জুৱা খেলৰ এপ কিছূমানৰ বিজ্ঞাপন দিয়া হৈছে আৰু তেওঁলোকৰ ভিউৱাৰসকলৰ মাজত জুৱা খেলক জনপ্ৰিয় কৰি টকা উপাৰ্জন কৰাৰ প্ৰলোভন দি ধ্বংসৰ মুখলৈ ঠেলি দিছে। এটা এটা বিজ্ঞাপন ভি ব্লগাৰ জনৰ পেজ বা চেনেলত বাজিলে তেওঁ উক্ত এপৰ পৰা টকা পাই। আকৌ যিমান বেছি বিজ্ঞাপনটোত ভিউজ আহিব তাতো বেলেগে টকা উপাৰ্জন হব। গতিকে বিজ্ঞাপন বজাই টকা উপাৰ্জন কৰা ভি ব্লগাৰ বোৰৰ মানসিকতা কুখ্যাত জনৰ লগত তুলনা কৰিব নোৱাৰি নে?
সামাজিক মাধ্যমত এনেকুৱা বহুতো ক্ৰিয়েট ৰ আছে যাৰ পেজ বা চেনেলত বহুত জ্ঞান বৰ্ধক কণ্টেন্ত পোৱা যায়। সেই পেজ বা চেনেল বোৰ পিছে বেছি ভিউচ্ পোৱা নহয়। মানুহৰ হয়তো ৰুচিবোধৰ সলনি হৈছে। জ্ঞান বৰ্ধক চেনেলৰ পৰিৱৰ্তে নগ্নতাৰ দিশে মন ঢাপলি মেলিছে।
আমি নিজে কিমান দায়বদ্ধ:
সামাজিক মাধ্যম ব্যবহাৰকাৰী হিচাপে আমি নিজেই এই ৰঘুমলা বোৰৰ বাবে বেছি দায়বদ্ধ। নগ্নতাৰ প্ৰয়োভৰ থকা পেজ চেনেল বোৰ অথবা ভাত খোৱা শাক খোৱা ভি ভি ব্লগাৰ বোৰ নিজৰ হ ‘ম পেজত  দেখা পোৱা মাত্ৰকে ব্লক কৰিব পৰা মানসিকতা আমাৰ নাই কিয়? ব্লগটো চাই তাত গালি দি অহাৰ হেঁপাহ কনে উক্ত পেজটো গ্ৰু কৰাত সহায় কৰিলে বুলি আমি বুজিও নুবুজো নে? নে আমাৰো ৰুচি বোধে তেনে কণ্টেন্ত চাবলৈ আৰু চাই অশ্লীল মন্তব্য দিবলৈ বাট চাই থাকোঁ? কাপোৰ খুলি দেহা প্ৰদৰ্শন কৰা বোৱাৰী গৰাকী আমাৰ সমাজৰে নহয় নে? তেওঁ কৰোবাৰ পত্নী কৰোবাৰ জী, কৰোবাৰ মাতৃ কৰোবাৰ বোৱাৰী। ইমান খিনি সমন্ধ লৈ থকা বোৱাৰী এগৰাকী উলঙ্গ হৈ সামাজিক মাধ্যমত আৰু আমি কোনেও চিনি নেপালো এনেকুৱাটো হ’ব নোৱাৰে। যিকোনো এটা সমন্ধই কিয় প্ৰতিবাদ কৰিব নোৱাৰে? তেওঁ থকা সমাজ খনৰ অন্য মহিলা সকলে তেওঁক কিয় জবাবদিহী নকৰে? এঘৰীয়া কৰাৰ পৰম্পৰা থকা অসমৰ সমাজত এই উলংগ ছোৱালী বোৱাৰী সকলক এঘৰীয়া কৰিব নোৱাৰে কিয়? মহিলা সমিতি প্ৰতি খন জিলা প্ৰতি খন আঞ্চলিক গঠন কৰা হয়। মহিলা অধপতনে যোৱাৰ এই ধৰনৰ কথা বতৰাত মহিলাই আগ ভাগ লৈ বিষ বাষ্প বিয়পোৱা মহিলা সকলক নাকী লগোৱা ব্যবস্থা কৰিব লাগিব। পুৰুষ ক্রীয়েতৰৰ সৰহ সংখ্যক অশ্লীল নহয় যিটো হাৰত মহিলাৰ যৌন প্ৰদৰ্শন সুলভ হৈ পৰিছে।ফেচবুক আইন ইউ টিউব আইন আদিৰ কথা বাদ দি আমি নিজে এইবোৰৰ সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ সমাজ আমি সুস্থ কৰিব লাগিব। নাৰী অধিকাৰৰ একাংশ বোৱাৰীয়ে অপ্ ব্যবহাৰ কৰি আছে। হয়তো স্বামীজনে দেখিও একো কব নোৱাৰে, যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ কেচত জেলৰ ভাত খুৱাৱ যিটো সুলভ। বোৱাৰীক সুৰক্ষা দিবলৈ আইন তৈয়াৰ কৰি মুক্ত স্বাধীনতা দিয়া বাবে কিছু সংখ্যক বোৱাৰীয়ে এতিয়া সামাজিক মাধ্যমত যৌৱনৰ বেহা খুলিবলৈ সুযোগ পালে। শাহু শ হুৰ ঘৰৰ মানুহে বোৱাৰীয়ে যি কৰিলেও একো কব নোৱাৰে আজিকালি। আইন বোৱাৰী পক্ষত। কাজেই শোৱনি কোঠাৰ দৃশ্য মিলিয়ন মানুহে চাই উপভোগ কৰিব পৰা হ’ল। বৰ্তমান বৰ্দ্ধিত হাৰত ঘটা যৌন নিৰ্যাতন ধৰ্ষণ আদিৰ বাবে এই অশ্লীল ভিদিও নিৰ্মাতা ভি ব্লগাৰ সকলো জগৰীয়া। এখন আইনৰ প্ৰয়োজন আছে তাতকৈ প্ৰয়োজন মুখৰ জুই মুখে নুমুৱাব পৰা সৎ সাহসী এদল মহিলাৰ যি সকলে এই সস্তীয়া জনপ্ৰিয়তা বিচাৰি ভি  ব্লগ নিৰ্মান কৰা কুখ্যাত বোৱাৰী সকলক শুদ্ধ পথলৈ আনিব পাৰে।
বি দ্ৰ: ফেচবুকত অশ্লীল কণ্টেন্ত সমুহ নাপাবলৈ যদিও ফেচবুকে ব্যবস্থা ৰাখিছে তাৰ বিষয়ে আমি কিমান জ্ঞাত? বেমাৰ এটা ডবাই থোৱা সলনি শিপাৰ স’তে উঘালি পেলোৱা হে উচিত। ফেচবুক চেটিংছত reduse more options ব্যবহাৰ কৰি আপোনাৰ পেজত অশ্লীল কণ্টেন্ত নহা কৰিব পাৰে।