ৱাইনাড লোকসভা সমষ্টি এৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

ৱাইনাড লোকসভা সমষ্টি এৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত সিদ্ধান্ত ল’লে ৰাহুল গান্ধীয়ে ৷কেৰালাৰ ৱাইনাড লোকসভা সমষ্টি এৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। সংসদৰ নিম্ন সদনত উত্তৰ প্ৰদেশৰ ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব।ইয়াৰ পাছতেই লোকসভা সমষ্টিটোত অনুষ্ঠিত হব উপ নিৰ্বাচন। খালী হোৱা ৱায়ানাড লোকসভা আসনৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’ব প্ৰিয়ংকা গান্ধী। মল্লিকাৰ্জুন খৰ্গেই  এই তথ্য সদৰি কৰে। সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে।কংগ্ৰেছ সভাপতিগৰাকীয়ে কয়, ‘‘ৰাহুল গান্ধীয়ে দুটা লোকসভা সমষ্টিত জয়লাভ কৰিছিল, কিন্তু নিয়ম অনুসৰি তেওঁ এটা সমষ্টি এৰি দিব লাগিব। ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনখন নিজৰ হাতত ৰাখিব আৰু আমি সিদ্ধান্ত লৈছো যে প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।’’ আলোচনাৰ সময়ত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা উপস্থিত থাকে । লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱাইনাডত বৃহৎ জয় লাভ কৰিছিল আৰু নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ প্ৰাৰ্থী এনী ৰাজাক ৩,৬৪,৪২২টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। ৰাহুল গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিছিল। তেওঁ বিজেপিৰ প্ৰাৰ্থী দীনেশ প্ৰতাস সিঙক ৩,৯০,০৩০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে খ্যাত সমষ্টিটোত জয়লাভ কৰিছিল।