লাচিত বৰফুকন স্মাৰক প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

লাচিত বৰফুকন স্মাৰক প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰৰ পৰা টীয়কৰ হোলোঙাপাৰস্থিত ঐতিহাসিক লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্রকল্পত উপস্থিত হৈ প্রকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। যোৱা ৯ মাৰ্চত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্মিত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ প্ৰথম পৰ্যায়ত সংস্থাপিত কৰা জাতীয় বীৰজনাৰ সুউচ্চ প্রতিমূর্তি উন্মোচন কৰাৰ পাছতে প্রকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ কামো ক্ষিপ্রগতিত চলি আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ জোৰদাৰ গতিত চলি আছে। প্রতিমূৰ্তিৰ কাষতে নিৰ্মাণ কৰা দুটাকৈ টাই সংগ্ৰহালয় প্রায় সম্পূর্ণ হোৱাৰ দিশত। এই সংগ্ৰহালয় হ’ব বিশ্বমানৰ। একেদৰে অত্যাধুনিক প্রেক্ষাগৃহ, শিশুৰ উপযোগীকৈ পার্ক, তিনিখনকৈ হেলিপেড আদিৰ কামো তীব্রগতিত আগবাঢ়িছে। প্রকল্পটোত শেহতীয়াকৈ তেওঁ এখন ইনড’ৰ ষ্টেডিয়াম নির্মাণৰো চিন্তা-চৰ্চা কৰা বুলি অৱগত কৰে আৰু অহা ডিচেম্বৰ মাহত নহ’লে ২০২৫ বৰ্ষৰ এপ্রিল মাহত সমগ্ৰ প্ৰকল্পটো ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যাব বুলিও তেওঁ মতপোষণ কৰে। ইপিনে শেহতীয়াকৈ নিৰ্মাণৰত যোৰহাটৰ অজন্তা বাইপাছৰ পৰা জাঁজীলৈকে বহুচৰ্চিত ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেনযুক্তভাৱে অহা ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতি প্রদান কৰে। এই সন্দর্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- উল্লিখিত পথছোৱাৰ যিহেতু নকৈ নিবিদা সম্পন্ন হোৱাৰ পাছত ঠিকাদাৰী প্রতিষ্ঠানে খৰতকীয়াকৈ কাম আগবঢ়াইছে আৰু তেওঁৰ লগত হোৱা আলোচনাত ডিচেম্বৰ মাহত সম্পূর্ণ কৰি তোলা হ’ব বুলি অৱগত কৰিছে। যোৰহাটত ঘোচ লৈ দুর্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে গ্ৰেপ্তাৰ হোৱা বনাঞ্চলিক বিষয়াগৰাকী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুই-এজনে বেয়া পালেও দুর্নীতি-অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি বাহাল থাকিব। কোনো কাৰণতে দুর্নীতিক প্রশ্রয় দিয়া নহ’ব। সেয়া লাগিলে শীর্ষ বিষয়াই হওক অথবা চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়েই হওক। মুঠৰ ওপৰত দুর্নীতিৰ বিৰুদ্ধে অভিযান চলি থাকিব। মুখ্যমন্ত্ৰীৰ এই ভ্রমণকালত ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক সুশান্ত বুঢ়াগোহাঁই, তৰংগ গগৈ, ৰূপজ্যোতি কুৰ্মী আৰু টীয়ক সমষ্টিৰ বিধায়ক প্রতিনিধি বিকাশ শইকীয়াও মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে।