দেশলৈ অনা হ’ল কুৱেইটত নিহত ভাৰতীয়সকলৰ মৃতদেহ

দেশলৈ অনা হ’ল কুৱেইটত নিহত ভাৰতীয়সকলৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা– দেশলৈ অনা হ’ল কুৱেইটত নিহত ভাৰতীয়সকলৰ মৃতদেহ। কুৱেইটৰ পৰা ৪৫জন ভাৰতীয়ৰ মৃতদেহ লৈ কোচিত উপস্থিত হৈ বায়ুসেনাৰ এখন বিশেষ বিমান । উক্ত বিমানখনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিং আহিছে ৷ উল্লেখ্য যে, বুধবাৰে কুৱেইটত এটি বহুমহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মত্যু হয় ৪৫জন ভাৰতীয়ৰ। বুধবাৰে সংঘটিত এই অগ্নিকাণ্ডটোত মৃত্যু হোৱা ৪৫ জন ভাৰতীয়ৰ ভিতৰত অধিকাংশই কেৰালা আৰু দক্ষিণ ভাৰতৰ অন্যৰ ৰাজ্যৰ বাসিন্দা। সেয়ে বিমানখন প্ৰথমে কোচী বিমানবন্দৰত অৱতৰণ কৰে। যিসকল নিহত লোকৰ ঘৰ উত্তৰ আৰু পূব ভাৰতৰ ৰাজ্যত, তেওঁলোকৰ নশ্বৰদেহ লৈ দিল্লীলৈ ৰাওনা হ’ব বিমানখন। ভাৰতীয় দূতাবাসৰ ফালৰ পৰা জনোৱা মতে, নিহত ৪৫ জন ভাৰতীয়সকলৰ ভিতৰত ২৩জন কেৰালাৰ, ৭জন তামিলনাডুৰ, ৩জন উত্তৰ প্ৰদেশৰ, ২জন ওড়িশা আৰু এজনকৈ বিহাৰ,  কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাৱ আৰু পশ্চিম বংগৰ বাসিন্দা।  কুৱেইটৰ চৰকাৰে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাৰ শোকপ্ৰকাশ কৰি সাম্ভাৱ্য সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে কুৱেইটত উপস্থিত হৈ স্থানীয় চিকিৎসালয়সমূহ পৰিদৰ্শন কৰে ৷ তদুপৰি চিকিৎসালয়সমূহত চিকিৎসাধীন ভাৰতীয় নাগৰিকসকলৰ সৈতে বাৰ্তালাপ কৰে মন্ত্ৰীগৰাকীয়ে ।