দুটা শব্দ
মিহিৰ মৌচুম ৰয়
মানুহৰ দুটা মন
এটাই খান্দি খান্দি বুকুৰ পৰা উলিয়াই আনে মৰম
আনটোৱে সন্দেহৰ বীজ সিঁচি
কলিজাৰ পৰা তেজ উলিয়াই পিঁয়ে
মুকলি মনেৰে অৰণ্য ভ্ৰমি
সূৰ্য্যৰ দুহাতে সেউজ কৰে পৃথিৱী
সপোনৰ আলফুল অনুভৱবোৰ দুছেও কৰি
দুপৰ ৰাতিয়ে গির্জনি মাৰি হাঁহে
মন্দিৰ-মছজিদ-গীর্জাৰ মজিয়াত
ঈশ্বৰৰ সুবাসিত খোজবোৰ সৰৱ হৈ থাকে
ৰাতিৰ বাটত তেজে তেজৰ চিনাকী হেৰুৱাই হাঁহে
ৰদে গঢ়ি লোৱা সম্পৰ্কবোৰে আকাশ সাজে
এন্ধাৰে মাক-জীয়েকৰ কাঢ়ি লয় কৌমার্য
শব্দহীন বাটেৰে
দুটা শব্দ
এটাই দীঘল নখেৰে আঁচোৰে
আনটোৱে ফুলনি সাজে।