যিকোনো কামতে অহৰহ লাগি থকা উচিত
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
মোৰ মতে এই সংসাৰত জন্মসূত্ৰে কিছুমান মানুহে নিজ নিজ ব্যক্তিগত প্ৰতিভা সমূহ লগত লৈ আহে। কিন্তু প্ৰতিটো মানুহৰ ক্ষেত্ৰতে এই কথাবোৰ সমানে প্ৰযোজ্য নহয়।কাৰণ কিছুমান মানুহৰ জন্মগত প্ৰতিভাৰ অবিহনেই নিৰন্তৰ একেটা কাম কৰি থকাৰ ফলত এসময়ত গৈ সেই কৰি থকা কামত বহু দক্ষতাবোৰ অৰ্জন কৰিবলৈ সক্ষম হোৱা বৰ্তমান সময়তো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ নহয়নে ? আচলতে জন্মগতভাবে নিজ নিজ প্ৰতিভা সমূহ লগত লৈ অহা এই সংসাৰত বহু কম মানুহ বিৰাজমান হৈ আছে । গতিকে আমি যদি জন্মগতভাবে প্ৰতিভা সম্পন্ন ব্যক্তি নহলেও কোনো চিন্তাৰ কাৰণ নাই । কাৰণ নিৰন্তৰ একেটা কামকে অহৰহ লাগি থকাৰ ফলত আমি অন্যান্য সৰ্বসাধাৰণ মানুহৰ প্ৰতিভাবোৰৰ তুলনাত বহু ওপৰলৈ উঠি যাবলৈ নিশ্চয় এদিন সক্ষম হম।
এতিয়া কথা হল যিকোনো কামতে অহৰহ লাগি থকা উচিত কিন্তু ইয়াৰ আৰম্ভণি কেনেকৈ কৰোঁ তাৰ বাবে আমি নিজেই হতবুদ্ধি হৈ পৰোঁ। কিন্তু যিকোনো কাম কৰিবলৈ যাওঁতে হতাশ কেতিয়াওঁ নহব। কাৰণ আপুনি যেতিয়া মনে মনে ভাবি থাকে মই একোকে নাজানো বুলি সেইখিনি সময়ত আপোনাতকৈ কম জ্ঞানী বা কম বুদ্ধি সম্পন্ন ব্যক্তি এজনে কেৱল মাত্ৰ নিজৰ দৃঢ় আত্মবিশ্বাসৰ ফলত আপুনি নোৱাৰো যেন অনুভৱ হোৱা কামবোৰো একেবাৰে সুচাৰুৰূপে কৰি যাবলৈ সক্ষম হয়। সেয়েহে সময় বৰ বেছিকৈ নাই কিন্তু সময় একেবাৰে উকলি যোৱা নাই বুলি মনতে দ্ঢ় প্ৰতিজ্ঞাবদ্ধ হৈ যিকোনো এটা ভাল কামকে নিৰন্তৰভাবে ভুলে হওঁক বা শুদ্ধয়ে হওঁক একো আপত্তি নকৰাকৈ আজিৰে পৰা অন্ততঃ একেবাৰে কমকৈ হলেওঁ পাচ বা ছয় বছৰৰ বাবে নিৰন্তৰ কৰি যাবলৈ চেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলস্বৰূপে এসময়ত গৈ লাহে লাহে কৰি আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হব যে, আপুনি অহৰহভাবে লাগি থকা দিশত অন্যান্য মানুহৰ তুলনাত বহু দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে একো লাজ নকৰাকৈ, কাকো আপত্তি নজনোৱাকৈ যিকোনো কামতে অহৰহ লাগি থকা উচিত। সচাঁ অৰ্থত কবলৈ কলে মানুহে প্ৰথম অবস্থাত আপোনাক দেখি বহু হাঁহিবলৈ আৰম্ভ কৰিব। কিন্তু লাহে লাহে তাৰ পৰবৰ্তী অবস্থাত আপোনাৰ উন্নতিবোৰ দেখি আপোনাৰ শত্ৰুবোৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিব। যেতিয়া আপুনি এই সকলোবোৰ কথা নেওচি আপুনি কেৱল আগবাঢ়ি গৈ থাকিব তেতিয়া অন্ততঃ এসময়ত গৈ আপুনি আকাশ মাৰ্গৰ পৰা মাটিতে বোজা হৈ পৰা মানুহবোৰক নিজে লক্ষ্য কৰিবলৈ সক্ষম হম। কিন্তু এইখিনিতে কথা এটা হ’ল আপুনি নিৰন্তৰে লাগি থকা কামৰ পৰা এদিনৰ বাবেও আতৰি আহিব নালাগে আৰু অহৰহ লাগি থকা কামবোৰক কেনেকৈ প্ৰতিদিনে, প্ৰতিক্ষণে আৰু অধিক উন্নত মানদণ্ডৰ কৰি তুলিব পাৰি তাৰে চিন্তাত মনোনিবেশ কৰা উচিত ।এই দুয়োটা দিশকে যদি আপুনি অনুকৰণ কৰি চলিবলৈ আৰম্ভ কৰি দিয়ে সেই তেতিয়াৰ পৰায়ে যিকোনো কৰ্মতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হবই।