কবিতা আৰু এটি নষ্ট ল’ৰা..
নন্দেশ্বৰ মিলি
এটি কবিতা লিখিবলৈ বহিলো
ভাবনাবোৰ অগা-ডেৱা কৰিছে
কঁপি কঁপি কলমটো ধৰিছোঁ,
বতাহজাকে জোৰকৈ বলিছে
মোৰ গোটেই গা চেঁচা হ’বলে’ ধৰিছে।
এতিয়া বৰষুণৰ প্ৰকোপ বাঢ়িছে
গোটেই চৌপাশে পানী টোপাল ছিটিকি পৰিছে
মই বহা কোঠালিটো টোপ টোপকৈ পৰিছে
বেৰৰ ছিদ্ৰাতো পানীৰ টোপালবোৰে
শাৰী পাতিছে।
মোৰ মনলৈ অহা নাই একো শব্দ
তোমাৰ নাম,তোমাৰ চেহেৰা
তোমাৰ মুখখনি তোমাৰ হাঁহি
কিম্বা তোমাৰ অবয়ব
সকলোখিনি পাহৰি গৈছোঁ।
নাজানোঁ তোমাক লৈ মই কি লিখিম
নাজানোঁ তোমাৰ বাবে মই কি লিখিম
মাথো টেবুলৰ ওপৰত মূৰটো গুজি
শূণ্যলৈ দৃষ্টি ৰাখি কলমটো ঘূৰাই আছোঁ
বহুসময় ধৰি।
উদাস এটি মন লৈ
চিগাৰেট টুকুৰা জ্বলাই
ধোঁৱাবোৰ নাকেৰে
কুণ্ডলী পকাই পকাই
অথবা
মাজে মাজে ৰঙা পানীয়
গলাধঃকৰণ কৰি
ভাবিছোঁ,কান্দিছোঁ,হাঁহিছোঁ
অকলে অকলে
বহু দিন বহু ৰাতি
উজাগৰে অনাহাৰে।