বাটৰুৱা
বাহাৰুল ইছলাম (শিক্ষক)
লক্ষবিহীন নৌকাৰ ঠিকনাহীন যাত্রী
আচলতেই আমি সৱে পৰম ভাতৃ।
নুবুজি, নাজানি হাই-ঊৰুমিত থাকোঁ
খেলি আছো জগতত কত লুকাভাকু।
বহুদূৰ বাটকুৰি বাই জীৱনৰ গীত গাওঁ
অকোৱা-পকোৱা বাটবোৰ জুমি চাওঁ।
ৰিপুৰ চাহিদাই কত ৰিঙিয়াই ঘূৰে
উদুলি-মুদুলি ক্ষণবোৰ ভাঁহি ফুৰে।
আধাফুলা পুষ্পৰ কি চমৎকাৰ ঢং
সেই বসন্তৰ গান কিম্বা ফাগুনৰ ৰং।
লভিলোঁ জনম মই বাটৰুৱাৰ ৰূপত
কদাপি থাকিম জানো পৰম সুখত?
অচিনাকি বাটেৰে কেনি যাওঁ বাৰু ?
কি খাওঁ, কি কৰোঁ, ক’তে বা মৰোঁ?
নুবুজিলোঁ অতদিনে জগতৰ দয়া
নাপালোঁ ক্ষন্তেকীয়া জীৱনৰ মায়া।
জ্বলন্ত মমডালেই যদি আয়ুসৰ ভৰসা
সতেজ পুষ্প পাহি আজি হেনো মৰহা।
বিচাৰি আহিব এদিন ব্ৰহ্মসত্য মৃত্যু
যদিও নাই কাহানি মোৰ পৰম শত্রু।
যাযাবৰী জীৱন মোৰ নেপথ্যত নিলয়
মনোৰম দেহাটিৰ হ’ব এদিন বিলয়।