ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ নতুন সেনাপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক ৷ তেওঁ হ’ব জেনেৰেল মনোজ পাণ্ডেৰ উত্তৰাধিকাৰী হ’ব।বৰ্তমান ভাৰতীয় সেনাৰ সহকাৰী প্ৰধান (ভাইচ চীফ অব আৰ্মী ষ্টাফ বা ভিচিঅ’এএছ) পদত আছে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী।প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা হৈছে যে আগন্তুক ৩০ জুনত অৱসৰ ল’ব জেনেৰেল মনোজ পাণ্ডেই। আৰু সেইদিনাই লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে গ্ৰহণ কৰিব কাৰ্যভাৰ ৷  ভাৰতৰ ৩০ সংখ্যক সেনাপ্ৰধান হিচাপে লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ  দ্বিবেদীয়ে দেশৰ উপ সেনা-প্ৰধান, উত্তৰ সেনাৰ কমাণ্ডাৰ, ডিজি ইনফেণ্ট্ৰী আৰু আন একাধিক পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত এই নতুন দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে৷ পূৰ্বতে দ্বিবেদীয়ে চীনা আৰু পাকিস্তান সীমান্তত নিৰাপত্তাৰ খাতিৰত চলা একাধিক অভিযানত অংশগ্ৰহণ কৰিছিল ৷১৯৮৪ চনত ভাৰতীয় সেনাৰ জম্মু আৰু কাশ্মীৰ ৰাইফল্ছ ৰেজিমেণ্টেত ছেকেণ্ট লেফটেনেণ্ট পদত যোগদান কৰিছিল লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে। ‘নেচনেল ডিফেন্স একাডেমী’ আৰু ‘ইণ্ডিয়ান মিলিটেৰী একাডেমী’ৰ প্ৰাক্তন এইগৰাকী বিষয়াই পূৰ্বে ‘ডেপুটী চীফ অব আৰ্মী ষ্টাফ’ আৰু ‘ডিৰেক্টৰ জেনেৰেল অব ইনফেণ্ট্ৰী’ৰ দৰে গুৰুত্বপূৰ্ণ পদত সেৱা আগবঢ়াইছে।