তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে কৃষক নিধিৰ ফাইলত অনুমোদন নৰেন্দ্ৰ মোদীৰ

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়ে কৃষক নিধিৰ ফাইলত অনুমোদন নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী হিচাপে দেওবাৰে নিশা শপতগ্ৰহণ কৰি আজি প্ৰধানমন্ত্ৰী কাৰ্যালয়লত উপস্থিত হয় নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো ফাইলত আজি স্বাক্ষৰ কৰে ।প্ৰধানমন্ত্ৰীয়ে কাৰ্যালয়ত উপস্থিত হৈ কিষাণ নিধি আঁচনিৰ এটা গুৰুত্বপূৰ্ণ ফাইলত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰা কিষাণ নিধি আঁচনিত নথিভুক্ত কৃষকসকলে ১৭তম কিস্তিৰ ধন লাভ কৰিব। দেশৰ প্ৰায় ৯.৩কোটি কৃষক ইয়াৰ ফলত উপকৃত হ’বআৰু প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰিব।পি এম কিষাণ সন্মান নিধি আঁচনিৰ ফাইলত চহী কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘কৃষকসকলৰ উন্নয়নত আমাৰ চৰকাৰ সদায় নিয়োজিত। দায়িত্ব লোৱাৰ পিছত সেয়ে কৃষকসকলৰ উন্নয়নৰ সৈতে সম্পৰ্কিত ফাইলত চহী কৰা কৰা হৈছে। ভৱিষ্যতেও আমি কৃষক আৰু কৃষি ক্ষেত্ৰৰ বাবে আৰু অধিক কাম কৰিব বিচাৰো।’২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনি আৰম্ভ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ পূৰ্বৰ দুটা কাৰ্যকালত আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন ধন যোজনা, সকলোৰে বাবে গৃহ নিৰ্মাণ, প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন যোজনা, উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, উড়ান আৰু মেক ইন ইণ্ডিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷