তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে 

তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি ভৱনত একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৭ জুনত এনডিএৰ নেতা ৰূপে নিৰ্বাচিত হৈছিল নৰেন্দ্ৰ মোদী। ১৯৬২চনৰ পিছত নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচিছে। একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপে শপত লোৱা দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ৰূপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে। জৱহাৰলাল নেহৰুৰ পিছত একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে।  ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে নৰেন্দ্ৰ মোদীক শপত বাক্য পাঠ কৰায়। নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত দেশ-বিদেশৰ বহু নিমন্ত্ৰিত অতিথি। নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত ভাৰতৰ চুবুৰীয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ শীৰ্ষ নেতা- মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু,  বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, ভূটানৰ ৰজা জিগমে খেচৰ নামগিয়াল ৱাংচুক,মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জাগনাউথ আৰু ছিচেলছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ । শপত গ্ৰহণ অনুষ্ঠানত ৮ হাজাৰৰো অধিক অতিথি উপস্থিত থাকে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুঠ ৭১ জনীয়া মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে ৩০ গৰাকী সাংসদে শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ দুগৰাকীকৈ সাংসদে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰাসকল ক্ৰমে গুজৰাটৰ অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং, মহাৰাষ্ট্ৰৰ নীতিন গাডকাৰী, তামিলনাডুৰ নিৰ্মলা সীতাৰমণ, গুজৰাটৰ ড° মনচুখ মাণ্ডৱিয়া , ওড়িশা অশ্বিনী বৈষ্ণৱ, মহাৰাষ্ট্ৰৰ পীয়ুষ গোৱেল। জম্মু-কাশ্মীৰৰ জীতেন্দ্ৰ সিং, অসমৰ সৰ্বানন্দ সোণোৱাল। মধ্য প্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু , মধ্য প্ৰদেশৰ শিৱৰাজ সিং চৌহান। তামিলনাডুৰ কে আন্নামলাই, হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ, ৰাজস্থানৰ অৰ্জুন ৰাম মেঘৱাল, কৰ্ণাটকৰ প্ৰহ্লাদ যোশী। মহাৰাষ্ট্ৰৰ ৰক্ষা খডসে। দিল্লীৰ কমলজিত সহৰাৱট। হাৰিয়ানাৰ ৰাও ইন্দ্ৰজিৎ সিং। কেৰালাৰ সুৰেশ গোপী। তেলেংগানাৰ জি কিষাণ ৰেড্ডী, পঞ্জাৱৰ হৰদ্বীপ সিং পুৰী। বিহাৰৰ গিৰিৰাজ সিং। তেলেংগানাৰ বান্দী সঞ্জয় কুমাৰ, কৰ্ণাটকৰ এইচ ডি কুমাৰাস্বামী।বিহাৰৰ চিৰাগ পাছোৱান, উত্তৰ প্ৰদেশৰ জয়ন্ত চৌধুৰী, বিহাৰৰ ৰাম নাথ ঠাকুৰ। বিহাৰৰ লালন সিং। ঝাৰখণ্ডৰ চন্দ্ৰ প্ৰকাশ চৌধুৰী, অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰ শেখৰ পেমাছানী, অন্ধ্ৰ প্ৰদেশৰ কিঞ্জাৰাপু ৰাম মোহন নাইডু। মহাৰাষ্ট্ৰৰ প্ৰতাপ ৰাও যাদৱ, মহাৰাষ্ট্ৰৰ ৰামদাস আঠৱালে।বিহাৰৰ জীতন ৰাম মাঝি, হিমাচলৰ জে পি নড্ডা, দিল্লীৰ এছ জয়শংকৰ, অসমৰ পৱিত্ৰ মাৰ্ঘেৰিটা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পদৰ শপতবাক্য পাঠ কৰায় ।