মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত পৰিৱেশ দিৱসত নৱ নিৰ্মিত বাগিছা উদ্বোধন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিদ্যালয়ৰ চৌহদত পুৱা প্ৰাত: সভাৰ পাছত পৰিৱেশ সজাগতাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিতে এটা মূল্যৱান গছপুলি ৰোপণ কৰি বিদ্যালয়ৰ নৱ নিৰ্মিত ফুলৰ বাগিছাখন উদ্বোধন কৰে। তাৰপিছত নৱ নিৰ্মিত উক্ত বাগিছাখনত বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু সকলো ছাত্ৰ -ছাত্ৰীয়ে একোটিকৈ গছপুলি, ফুলৰ পুলি ৰোপণ কৰে।