মন জুৰোৱা এখন গাঁওৰ কাহিনী আগবঢ়ালোঁ – অনামিকা কলিতা

মন জুৰোৱা এখন গাঁওৰ কাহিনী আগবঢ়ালোঁ

অনামিকা কলিতা,শুৱালকুছি

মানুহ জীৱ শ্ৰেষ্ঠ বুলি কয় ।কিছুমান ব্যক্তিৰ অশেষ শ্ৰম সৎ কৰ্মৰ দ্বাৰাই এখন গাঁও পৃথিৱী বিখ্যাত হব পাৰিছে সেই গাঁওখনৰ কাহিনী বিভিন্ন ভাষাৰ কিতাপৰ পৃষ্ঠাত লিপিবদ্ধ হৈছে ।তেনে এখন গাঁওৰ বিষয়ে অকণমান তথ্য দাঙি ধৰিলো।

ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ৩৫০কি:মি: আঁতৰৰ ৰাজছমন্দ নামৰ জিলা খনৰ অন্তৰ্গত, উদয়পুৰৰ পৰা সাত কিলোমিটাৰ দূৰত পিপলান্ত্ৰিক গাঁও। এই গাঁওখন পৃথিৱীৰ ভিতৰতে আদৰ্শ গাঁও হিচাপে পৰিচিত হৈছে।ইয়াৰ অন্তৰালত এজন ব্যক্তিৰ অক্লান্ত শ্ৰমৰ অৱদান। নাম শ্যাম সুন্দৰ পলিৱাল ।

মাৰ্বল পাথৰৰ খনিৰ কাৰণে “গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত ” স্থান লাভ কৰা গাঁও খনৰ অৱস্থা অতি দুখলগা আছিল। এই মাৰ্বল পাথৰৰ বৃহৎ খনিবোৰৰ ফলত ,গাঁও খনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হয়।গছ/গছনিৰ সংখ্যা কমিল,পুখুৰী,জলাশয় পানী শুকাই গ’ল। ভূ-গৰ্ভৰ পানী ৮০০ফুট পৰ্য্যন্ত তললৈ নামি গৈছিল।বিশুদ্ধ খোৱা পানী এটুপীৰ কাৰণে হাহাকাৰ হৈছিল। মানুহবোৰৰ স্বাস্থ্য অৱনতি হৈছিল।

কিন্তু সেই গাঁওৰ শ্যাম পলিৱাল নামৰ ব্যক্তিজনে, গাঁওৰ অৱস্থা ভালৰ কাৰণে চিন্তা কৰিব ধৰিলে । ২০০৫চনত গাঁওৰ মুখিয়াল দায়িত্ব দিলে গাঁও বাসীয়ে । সেই সময়তে তেওঁৰ ছোৱালী জনীৰ বেমাৰ হৈ মৃত্যু হ’ল। মৃত্যুৰ দিনা তেওঁ এজোপা গছ পুলি ৰোপণ কৰে। সেই দিনাই তেওঁ নতুন নিয়ম আৰম্ভ কৰে, গাঁওত ছোৱালী জন্ম পালে ১১১জোপা গছ পুলি ৰাইজে মিলি ৰোপন কৰিব। সেই গছ পুলি বোৰ সকলোৱে প্ৰতিপালন কৰিব লাগিব।
গাঁও খনত তেওঁ চাৰিটা নিয়ম কৰে
১)কন্যা সন্তানক ল’ৰাৰ দৰে পঢ়-শুনাই ডাঙৰ কৰা।
২)গছ/গছনিৰ ৰুই প্ৰতিপালন কৰা
৩)পানী সংৰক্ষণ
৪)সকলোৱে খেতি বাতি কৰি নিজৰ অভাৱ পূৰণ কৰা।
৫)ভ্ৰণ হত্যা বন্ধ।
ছোৱালী জন্ম পালে, সেই ছোৱালী জনীৰ নামত গাঁওৰ মানুহ খিনি লগলাগি পইচা উঠাই,সেই পইচাতো ছোৱালী জনীৰ নামত বেংকত থয় আৰু মাক- দেউতাকৰ হাতত বহীটো জমা দিয়ে ।সেই পইছাখিনি তাই উপযুক্ত হ’লে নিজে চহী মাৰি উলিয়াব পাৰিব মাক দেউতাকে নোৱাৰে। গছ পুলি ৰুই সংৰক্ষণ কৰা মাক দেউতাকৰ বোৰকো দায়িত্ব দিলে। এনে কিছুমান নিয়মৰ ফলত কম দিনৰ ভিতৰতে প্ৰাকৃতিক পৰিৱেশ সুন্দৰ হ’ল ।ভূ-পৃষ্ঠা পানী উপৰলৈ উঠিল ।জীৱ জন্তু ,চৰাই চিৰিকতি এক মনোমোহা পৰিৱেশ বিৰাজ কৰিলে।চৰকাৰে গম পাই মাৰ্বল খনিবোৰ বন্ধ কৰি দিলে ।২০০৭চনত ৰাষ্ট্ৰপতি আব্দুল কালামে পিপলান্ত্ৰিক গাঁও খনলৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ আগবঢ়াইছিল। খুব সুন্দৰ চাফ চিকুনকৈ ৰখা পিপলান্ত্ৰিক গাঁও খন বাতৰি /ইউটিব সকলোতে প্ৰচাৰিত হয় ।আনকি আৰ্জেটিনা এটা দলে সেই গাঁওখনক লৈ” Tree Sisters “নামৰ এখন চিনেমা নিৰ্মাণ কৰে। শ্যাম পলিৱালৰ প্ৰচেষ্টা কাৰণে সম্ভৱ হ’ল। ছোৱালী জন্মত ১১১টা গছ পুলি ৰোপণ আৰু গাঁওৰ কোনো লোকৰ মৃত্যুৰ ১১টা গছ পুলি ৰোপণ কৰা ,তদাৰক কৰা সুন্দৰ উদাহৰণ। ছোৱালী জনী জন্ম পালে গাঁও পঞ্চায়তে ছোৱালী জনীৰ নামত ৩৫হাজাৰ টকা ফিক্স কৰি দিয়া। গাঁও খনৰ বিষয়ে সেই ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভূক্ত।খুব সুন্দৰ পদক্ষেপ।