অসমৰ ১১ খনত এনডিএৰ বিজয়

Pc The Economic Times

অসমৰ ১১ খনত এনডিএৰ বিজয়

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৩ খন আসন। আনহাতে ইউ পি পি এলে এখন আসন আৰু অসম গণ পৰিষদে এখন আসন লাভ কৰিছে। বিজেপিৰ হৈ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, লখিমপুৰত প্ৰদান বৰুৱা , কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, শিলচৰত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত কৃপানাথ মাল্লা, ডিফুত অমৰসিং তিছু, গুৱাহাটীত বিজুলী কলিতা মেধি, শোণিতপুৰত ৰঞ্জিত দত্ত  আৰু দৰং-ওডালগুৰিত দিলীপ শইকীয়া বিজয়ী হৈছে।বৰপেটা সমষ্টিত অসম গণ পৰিষদৰ ফণী ভূষণ চৌধুৰী , কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী বিজয়ী হৈছে।।আনহাতে যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈ, নগাঁৱত সাংসদ প্ৰদ্যুত বৰদলৈ আৰু ধুবুৰী সমষ্টিত বিধায়ক তথা এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে বিজয়ী হৈছে।ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা তথ্য অনুসৰি, বৰপেটা সমষ্টিত অসম গণ পৰিষদৰ ফণী ভূষণ চৌধুৰীয়ে ৮,৫৯,৫৬৯টা ভোট লাভেৰে ২,২২,৩৫১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  দৰং-ওডালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শইকীয়াই ৮,৬৮,৩৮৭টা ভোট লাভ কৰে আৰু ৩,২৯,০১২টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে লাভ কৰে ১৪,৭১,৮৮৫টা ভোট আৰু ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। আনহাতে  ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে ৬,৯৩,৭৬২টা ভোট লাভ কৰি ২,৭৯,৩২১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  ডিফু সমষ্টিত বিজেপিৰ অমৰসিং টিছৱে ৩,৩৪,৬২০টা ভোট লাভ কৰি ১,৪৭,৬০৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  গুৱাহাটী সমষ্টিত বিজেপিৰ বিজুলী কলিতা মেধীয়ে ৮,৯৪,৮৮৭টা ভোট লাভ কৰি ২,৫১,০৯০টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। যোৰহাট সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৫১,৭৭১টা ভোট লাভ কৰি ১,৪৪,৩৯৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। কৰিমগঞ্জ সমষ্টিত বিজেপিৰ কৃপানাথ মল্লই ৫,৪৫,০৯৩ ভোট লাভ কৰি ১৮,৩৬০টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। কাজিৰঙা সমষ্টিত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৮,৯৭,০৪৩টা ভোট লাভ কৰি ২,৪৮,৯৪৭টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। কোকৰাঝাৰ সমষ্টিত UPPLৰ জয়ন্ত বসুমতাৰীয়ে ৪,৮৮,৯৯৫টা ভোট লাভ কৰি ৫১,৫৮৩টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। লখিমপুৰ সমষ্টিত বিজেপিৰ প্ৰদান বৰুৱাই ৬,৬৩,১২২টা ভোট লাভ কৰি ২,০১,২৫৭টা ভোটৰ ব্যৱধানত জয় লাভ কৰে। নগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুত বৰদলৈয়ে ৭,৮৮,৮৫০টা ভোট লাভ কৰি ২,১২,২৩১টা ভোটৰ ব্যৱধানত জয় লাভ কৰাৰ বিপৰীতে বিজেপিৰ সুৰেশ বৰাই লাভ কৰে ৫,৭৬,৬১৯টা ভোট। শিলচৰ সমষ্টিত পৰিমল শুক্লবৈদ্যই ৬,৫২,৪০৫টা ভোট লাভ কৰি ২,৬৪,৩১১টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।  শোণিতপুৰ সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তই ৭,৭৫,৭৮৮টা ভোট লাভ কৰি ৩,৬১,৪০৮টা ভোটৰ ব্যৱধানত জয় লাভ কৰে।