দেশৰ ভিতৰতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী ৰকিবুল হুছেইন
ৰঙিলী বাৰ্ত্তাসেৱা- বহু উৎকণ্ঠাৰ অন্তত অৱশেষত মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ ছুনামি । এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ দূৰ্গৰূপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। আনহাতে, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট আৰু অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে। সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ ব্যৱধানেৰে শীৰ্ষত থকাৰ বিপৰীতে মধ্য প্ৰদেশৰ ইন্দোৰ লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শংকৰ লালৱানীয়ে ১২,২৬,৭৫১টা ভোট লাভ কৰি ১০,০৮,০৭৭টা ভোটেৰে দ্বিতীয় স্থানত আছে। মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ প্ৰাৰ্থী শিৱৰাজ সিং চৌহানে ১১,১৬,৪৬০টা ভোট লাভ কৰি ৮,২১,৪০৮টা ভোটৰ ব্যৱধানেৰে তৃতীয় স্থানত থকাৰ বিপৰীতে গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা জয় লাভ কৰা বিজেপিৰ প্ৰাৰ্থী অমিত শ্বাহে ১০,১০,৯৭২টা ভোট লাভ কৰি ৭,৪৪,৭১৬টা ভোটৰ ব্যৱধানেৰে চতুৰ্থ স্থানত আছে। ৪ জুনৰ ফলাফলত ৰকিবুল হুছেইনে অভিলেখ সংখ্য়ক ভোটৰ ব্য়ৱধানত জয়লাভ কৰাৰ পিচতেই ইয়াকে লৈ হৈছে চৰ্চা । আনকি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বাজপেয়ী ভৱনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁৰ ভাষণ প্ৰসংগত কয় যে, “অসমত এইবাৰ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন নায়ক হিচাপে পৰিগণিত হৈছে। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”