জনতাক মাধমাৰঃ দেশত বাঢ়িল টোলগে’টৰ মাচুল 

জনতাক মাধমাৰঃ দেশত বাঢ়িল টোলগে’টৰ মাচুল 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে(এন এইচ এ আই) গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত ৷ ৩ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টোলগে’টৰ মাচুল। সেইমতে টোলগেটৰ মাচুল ৩ ৰ পৰা ৫ শতাংশলৈ বৃদ্ধি হ’ব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (এন এইচ এ আই) ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা নিশ্চিত কৰিছে।। প্ৰাধিকৰণৰ মতে টোলগে’টৰ মাচুল বৃদ্ধি কৰাটো বছৰেকীয়া প্রক্রিয়া। প্রতিবছৰে বিত্তীয় বৰ্ষৰ আৰম্ভণিত অর্থাৎ এপ্রিল মাহত এই মাচুল বৃদ্ধি কৰা হয়। কিন্তু এইবাৰ লোকসভা নির্বাচন থকাৰ বাবে মাচুল বৃদ্ধিৰ সিদ্ধান্ত কাৰ্যকৰী কৰিব পৰা হোৱা নাছিল। কিন্তু সেয়া হ’লেও এই বৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধোৱাটো নিশ্চিত। দেওবাৰলৈকে এখন সৰু চাৰিচকীয়া বাহনে এবাৰ টোলগেট পাৰ হ’লে দিবলগীয়া হৈছিল ১১৫ টকা । এতিয়া সেই বাহনে ভৰিব লাগিব ১২০ টকা । সেইদৰে স্থানীয় লোকে ভৰিব লাগিব ৬০ টকা । নতুন কৰ অনুসৰি লঘু মালবাহী বাহনে এবাৰত ১৯০ টকা আৰু পুনৰ ঘূৰি আহিলে ২৮৫ টকা, বাছ আৰু ট্ৰাক(two axles) এবাৰত ৪০০ টকা, পুনৰ ঘূৰি আহিলে ৫৯৫ টকা, বাণিজ্যিক বাহনে এবাৰত ৪৩৫ টকা আৰু ঘূৰি আহিলে ৬৫০ টকা, গুৰু বাণিজ্যিক বাহনে এবাৰত ৬২৫ টকা আৰু ঘূৰি আহিলে ৯৩৫ টকা আৰু অতিৰিক্ত আকাৰৰ (seven or more axles) বাহনে এবাৰত ৭৬০ টকা আৰু পুনৰ ঘূৰি আহিলে ১১৪০ টকাকৈ টোল কৰ ভৰিব লাগিব ।ৰাজ্যত আৰু ১৮ খন টোলগে’ট নতুনকৈ বহুওৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে। গতিকে অহা দিনবোৰত সাধাৰণ ৰাইজ অধিক চৰকাৰী লুণ্ঠনৰ বলি হ’বলৈ গৈ আছে। ইফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে টোলগেটৰ মাচুল বৃদ্ধি কৰাৰ অধিসূচনা জাৰি কৰিছে। সেইমতে সোমবাৰৰ পৰা দেশৰ প্ৰতিখন টোলগে’টত মাচুলৰ পৰিমাণ বৰ্তমানৰ তুলনাত ৩-৫ শতাংশলৈ বৃদ্ধি পাব। প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্যানুসৰি বিগত বছৰসমূহত টোলগে’টৰ জৰিয়তে সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। ২০১৮-১৯ বৰ্ষত টোলগে’টৰ ৰাজহৰ পৰিমাণ ২৫২ নিযুত টকা হোৱাৰ বিপৰীতে ২০২২-২৩ বৰ্ষত এই পৰিমাণ ৫৪০ নিযুত টকালৈ বৃদ্ধি পায়। এতিয়া মাচুল বৃদ্ধিৰ ফলত এই পৰিমাণ আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত। কাৰণ প্ৰতিখন টোলগেটতেই ৰাইজে দিয়া পূৰ্বৰ তুলনাত অধিক পৰিমাণৰ ধন আদায় দিব লাগিব।