মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনা

pc- onmanorama

মধ্যপ্ৰদেশৰ ৰাজগড়ত শোকাৱহ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মধ্যপ্ৰদেশৰ ৰাজগড়ত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে । দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হৈ এই শোকাৱহ পথ দুৰ্ঘটনাটো। পিপলোডীত বিবাহৰ যাত্ৰী কঢ়িয়াই অনা ট্ৰেক্টৰ বাগৰি পৰাত ১৩জন লোকৰ মৃত্যু হয়। আন ১৬জন লোক গুৰুতৰভাৱে আহত হয়। এই শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় ৪টা শিশুৱেও। শোকাৱহ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আহি সেই স্থানত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ৰাজগড় জিলা চিকিৎসালয়ত ভৰ্তি কৰে।এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে।প্ৰাথমিক তথ্য অনুসৰি ৰাজস্থানৰ মতিপুৰা আৰক্ষী থানা জৱাহৰৰ পৰা ৰাজগড়ৰ কুলামপুৰালৈ গৈ থকা অৱস্থাত পিপলোডী পোষ্টৰ সমীপত বাহনখন বাগৰি পৰে।এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে।প্ৰাথমিক তথ্য অনুসৰি ৰাজস্থানৰ মতিপুৰা আৰক্ষী থানা জৱাহৰৰ পৰা ৰাজগড়ৰ কুলামপুৰালৈ গৈ থকা অৱস্থাত পিপলোডী পোষ্টৰ সমীপত বাহনখন বাগৰি পৰে। টেক্টৰখনৰ ট্ৰেইলাৰৰ তলত পৰা পিছত মহটিয়াই লৈ যায় লোকসকলক। আহত ২ জনক সংকটজনক অৱস্থাত ভূপাললৈ স্থানান্তৰ কৰা হৈছে। ৰাজগড়ৰ কালেক্টৰ হৰ্ষ দীক্ষিতে কয় যে আহতসকলৰ ১৩ জনক জিলা চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে দুজনক মূৰ আৰু বুকুত আঘাত পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ভূপাললৈ লৈ স্থানান্তৰ কৰা হৈছে। গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক। ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিয়াঘৰৰ সেই গাড়ীখনত ৪০-৫০জন মানুহ আছিল।