অণুগল্প
লক্ষ্য
যুগান্ত দাস
ভৱানীপুৰ, বজালী
কিও নৰেন গুৱাহাটী গৈ আমাক দেখোন একেবাৰে পাহৰিয়ে গ’লা । গুৱাহাটীত নো কি কৰা ? — “দীপকে নৰেনক সিঁহতৰ পদূলিত লগ পাই চাইকেলৰ পৰা নামি মাত লগালে । ”
নৰেনে ক’লে –” কি নো কৰিম অটো খনলৈ তাকে চলাই আছো ? ”
দীপকে পুনৰ ক’লে — “নৰেন তুমি স্কুলত পঢ়ি থাকোতে যেতিয়া চাৰে ডাঙৰ হৈ কি হ’বৰ মন সুধিছিল তেতিয়া কি কৈছিলা মনত আছেনে ? ”
নৰেনে ক’লে — “আছে , কিয় নাথাকিব ! উৰাজাহাজৰ পাইলট হ’ম বুলি কৈছিলো ।”
দীপকে ক’লে — “পাইলট হ’লা , পিছে উৰাজাহাজৰ নহয় তিনিচকীয়া অটোৰহে । ”
নৰেনে এইবাৰ দীপকক সুধিলে — “তুমি কি কৈছিলা মনত আছেনে দিপক ?”
দীপকে তলমূৰ কৰি ক’লে — “আছে , মাল্টিনেচনেল কোম্পানীৰ মালিক ।”
নৰেনে ক’লে — “এৰা , তোমাৰ এই চাইকেল খনেই তুমি কোৱাঁ তোমাৰ মাল্টিনেচনেল কোম্পানীতো নহয় জানো য’ত চাৰিওফালে সস্তীয়া সামগ্ৰী কিছুমান ওলোমাই লৈ দোৰ টু দোৰ বিক্ৰী কৰি ফুৰিছা ।” নৰেনৰ কথা শুনি দীপকৰ মুখৰ মাত হেৰাল।
