বৰবৰুৱাৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিংখাং মাটিকাটাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰলঙ্কৰী ৰূপ

বৰবৰুৱাৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিংখাং মাটিকাটাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰলঙ্কৰী ৰূপ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত টিংখাং মাটিকটা গাৱঁৰ সমীপত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াই গাওঁবাসীক আতংকিত কৰি তুলিছে।মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগে ইতিমধ্যে জিঅ’বেগ আৰু পাৰ্কোপাইন পদ্ধতিৰে খহনীয়া প্ৰতিৰোধৰ কাম পদক্ষেপ গ্ৰহণ কৰা সময়তে টিংখাং মাটিকটা পৰা সমীপৱৰ্তী বহু ঠাইত চপৰা চপৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে উক্ত গাঁৱৰ কৃষিভূমি। সেয়ে খহনীয়া প্ৰতিৰোধৰ বাবে অৱশেষত অঞ্চলটোৰ প্ৰায় ২৫ খন গাঁৱৰ ৰাইজ ওলাই আহি ব্ৰহ্মপুত্ৰৰ পাৰত যোৱা ২৬মে দেওবাৰৰ দিনা হিন্দী ভাষী লোক সকলে পূজা অৰ্চনা, আৰু অসমীয়া লোক সকলে নাম কীৰ্তন কৰি আধ্যাত্মিক ভাৱে জলদেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ জলসম্পদ বিভাগৰ প্ৰতি বিশ্বাস আৰু আস্থা হেৰুৱাই বৰবৰুৱা উন্নয়ন খণ্ডৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২৫খন গাঁৱৰ ৰাইজ মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী খহনীয়াৰ পৰা ৰক্ষা পাবলৈ পূজা অৰ্চনা আৰু নাম কীৰ্তন কৰি খহনীয়াৰ গৰাহৰ পৰা জীৱন- সম্পত্তি নিৰাপত্তা নিশ্চিত কৰা মানসেৰে প্ৰয়াস চলাইছে। খহনীয়াৰ তীব্ৰ প্ৰলয়ঙ্কৰী ৰূপ দেখি ব্ৰহ্মপুত্ৰৰ নৈ পৰীয়া ২৫খন গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। আনকি বৰ্তমানৰ মোহনাঘাটৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বগীবিল আইথানলৈকে ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় নৈ পৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে আৰু এই খহনীয়াই মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে সংযোগী মথাউৰিটোৰ প্ৰতি এক প্ৰকাৰ ভাবুকিস্বৰূপ হৈ পৰিছে। বিশেষকৈ খহনীয়া প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় জলসম্পদ বিভাগে কোনো সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই বুলি নৈ পৰীয়া গাঁৱৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।নৈ পৰীয়া ২৫খন গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ভয়ঙ্কৰ তীব্ৰ গতিৰে হোৱা ব্ৰহ্মপুত্ৰৰ খহনীয়াই এদিন মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে সংযোগী মথাউৰিটোৰ কাষ চাপিবলৈ বেছি দিন নালাগিব আৰু এই খহনীয়াৰ তীব্ৰতাই ডিব্ৰুগড় সদৰ চহৰলৈও ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি ৰাইজৰ সন্দেহ। ডিব্ৰুগড় চহৰখন সুৰক্ষাৰ বাবে “নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলেপমেণ্ট এছিছটেণ্ট চমুকৈ নিডাৰ আবন্টিত পূঁজিৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কাম ইতিমধ্যে চলি আছে। ডিব্ৰুগড় জিলা ডিব্ৰুগড় সদৰ চহৰৰ সমীপৱৰ্তী মোহনাঘাট,কয়লাঘাট আৰু পূজাঘাটত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই ভয়ানক ৰূপ ধাৰণ কৰি ডিব্ৰুগড় চহৰৰ দিশে ধাৱমান হৈ আহিছে বুলি স্থানীয় ২৫খন গাঁৱৰ ৰাইজে কয়। ইতিমধ্যে ডিব্ৰুগড় জিলা জলসম্পদ বিভাগে পাৰ্কোপাইন পদ্ধতিৰে খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস চলাই আহিছে যদিও কোনো ফলপ্ৰসূ হোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ। ডিব্ৰুগড় চহৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে “নিডা আচঁনি”ৰ জৰিয়তে ৭৫ কোটি টকা আবন্টিত কৰিছে।এই আচঁনিৰ জৰিয়তে ডিব্ৰুগড় পূজাঘাটত ২৬ কোটি আৰু কয়লা ঘাটত ২৪ কোটি টকাৰে স্পাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । কিন্তু বৰ্তমান ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত টিংখাং মাটিকটা ,মোহনাঘাটৰ পৰা বগীবিল আইথানলৈকে হোৱা অবিৰত খহনীয়াই ২৫খন গাঁৱৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে।