নাৰীৰ জীৱনত বিয়াই চৰম লক্ষ্য নেকি? – সুনম বিশ্বাস

নাৰীৰ জীৱনত বিয়াই চৰম লক্ষ্য নেকি?

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

নাৰী হৈছে সৃষ্টিময়ী। যিয়ে সংসাৰ বা জগতখনক সম্পূৰ্ণ ৰূপ দিয়ে। নাৰীকুলত জন্ম গ্রহণ কৰিলে প্রকৃতিৰ নিয়মানুসৰি বিবাহপাশত বা সংসাৰ বান্ধোনত সোমাই পৰাটো নিয়ম। প্ৰত্যেকৰে জীৱনলৈ সংসাৰ ধর্ম পালন কৰাৰ উপযুক্ত সময় আহে। জন্ম, মৃত্যু, বিবাহ হৈছে নিয়তিৰ বিধান। এই বিধান অনুসৰিয়েই আমি প্ৰত্যেকেই পৃথিৱীৰ নিজস্ব কৰ্ম কৰি যাও । যিটো কাহানিও খণ্ডন নহয় ।

কিন্তু বর্তমান যুগত যেন নিয়তিৰ বিধান নেওচি কিছুমানে নিজৰ ভাগ্য নিজেই সলনি কৰি দিয়াৰ অমোঘ শক্তিৰ গৰাকী হৈ উঠিছে। লাগিলে সেয়া দুৰ্ভাগ্যই নহওক কিয়, এচাম যুৱক- যুৱতীয়ে প্ৰেমকেই সৰ্বস্ব ভাবি বিধাতাৰ লিখন খণ্ডন কৰি নিজ হাতে নিজ ভাগ্য লিখে। পঢ়া-শুনা কৰিব লগা বয়সত বিপথে পৰিচালিত হৈ অকাল মৃত্যুক আকোঁৱালি লোৱাৰ নানান ঘটনা কাকত -আলোচনীৰ পৃষ্ঠাত তথা দূৰদৰ্শনৰ পৰ্দাত দেখিবলৈ পোৱা যায়।

বর্তমান যুগত প্রেম এক সস্তীয়া বস্তুলৈ পৰিণত হৈছে । প্রকৃত প্রেমানুভূতিয়ে জীৱন সুন্দৰ কৰে। প্ৰেমে সদায় সৃষ্টি কৰে , ই কেতিয়াও ধ্বংসৰ পটভূমি সৃষ্টি নকৰে। ধ্বংস কেতিয়াও প্ৰেম হ’ব নোৱাৰে। শাশ্বত প্ৰেমে জীয়াই থকাৰ পথ প্রশস্ত কৰে । কিন্তু বৰ্তমানৰ প্রেম মানেই ভোগ-বিলাস। জৈৱিক চাহিদা পূৰণেই হৈছে আজিৰ যুগৰ প্ৰেমৰ মূল উদ্দেশ্য । বর্তমান প্রজন্মৰ এচামে চছিয়েল মিডিয়াৰ প্রভাৱত ভাল – বেয়াৰ বিচাৰ কৰিব নোৱাৰাকৈয়ে প্রেমত পৰে। কিছুমানৰ  বাবে ই আশীৰ্বাদ হৈ পৰে আন কিছুমানৰ বাবে অভিশাপ। এই যুগৰ প্রেম ক্ষন্তেকীয়া। কিছু সময় যা কেইটামান মাহৰ  বাবে প্রেম ভাৱ জীয়াই থাকে। ১৮ বছৰ নহওতেই কিছুমানে মা-দেউতাৰ অনিচ্ছাসত্বেও লুকাই বিয়া কৰে। উগ্র মনোভাৱ পোষণ কৰি আগ-পিছ চিন্তা নকৰি কিছুমানে সংসাৰ পাশত আবদ্ধ হয়। বিবাহৰ এক বছৰ নৌপাওঁতেই প্রেমে বিচ্ছিন্নতাৰ ৰূপ লয় নানান কাৰণত । ল’ৰা বা ছোৱালীজনীয়ে আকোৰগোঁজ হৈ সিন্ধান্ত লোৱা বাবে নিজৰ ভৰিত নিজে কুঠাৰাঘাত মাৰে । এনেকৈয়ে সুন্দৰ জীৱন এটা ধ্বংসৰ গৰাহত ডুব যায়। এক উদিত সম্ভৱনাময় বেলিৰ অকাল বিয়োগ ঘটে ।

অন্যহাতে , আমাৰ সমাজত কিছু অভিভাৱকে এতিয়াও বিশেষকৈ ছোৱালীক মূৰৰ বোজা বুলিয়ে গণ্য কৰে। উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰি কম বয়সতে বিয়া দি যেন মূৰৰ বোজা পাতল কৰাৰ চেষ্টাতহে ব্রতী হয়। প্রত্যেক পিতৃ – মাতৃয়ে সন্তানৰ মংগল কামনা কৰে , প্ৰতিটো সন্তানেই সুখত থকাটো তেওঁলোকেও বিচাৰে । ছোৱালী এজনীক এহাল ভাল পৰিয়াৰ হাতত তুলি দিয়াটো সকলো অভিভাৱকৰে সপোন থাকে । কিন্তু প্ৰায়ে দেখা যায় যে আয়োজিত বিবাহৰ (এৰেঞ্জ ম্যেৰিজৰ ) ক্ষেত্ৰত অধ্যয়নৰত ছাত্রী বা কম বয়সীয়া ছোৱালীক এচাম চাকৰিবলীয়া পৰিয়ালে  চৰকাৰী চাকৰি থকা বিয়াৰ প্ৰস্তাৱ আহিলে অগা – পিছা বিচাৰ নকৰাকৈ, ছোৱালীজনীৰ ইচ্ছা-অনিচ্ছাৰ বিৰুদ্ধে গৈ বিবাহ প্ৰস্তাৱ গ্ৰহণ কৰে । ল’ৰাজন মানুহ নে অমানুহ সেয়া বিচাৰ কৰাৰ আহৰি নাই। চৰিত্ৰহীন নে নিচাখোৰ একোৱেই খবৰ লোৱাৰ সময় নাথাকে, চাকৰি থকা মানেই ভাল ল’ৰা, লাগিলে  ল’ৰাজন ছোৱালীতকে ১০/১৫ বছৰৰ ডাঙৰেই নহওক কিয়, বিয়া দিয়ে। লাখ-লাখ টকা যৌতুক দি হলেও প্রয়োজনাৰ্থে নিজৰ গৃহ-ভেটি বিক্রী কৰি হ’লেও সেই প্ৰস্তাৱত সন্মতি দিয়ে। ছোৱালীজনীক বিয়া দি যেন গংগাত ডুব দিয়ে , লাগিলে পাছলৈ ছোৱালীজনী পাশৱিক অত্যাচাৰৰ বলিয়ে নহওক কিয়, সেই পৰিস্থিতিতো ছোৱালীজনী নিজকে খাপ খুৱাই লোৱাৰ পৰামৰ্শহে দিয়া হয়।

এটা কথা নাভাবে যে যিখন পৰিয়ালত ছোৱালীৰ যৌতুকক বেছি প্রাধান্য দিয়ে সেইখন পৰিয়ালত ছোৱালীজনীৰ সুখেৰে সংসাৰ কৰা কিমান দূৰ সম্ভৱ! ল’ৰাজনৰ ধনতকৈ মনটো চহকী হোৱা জৰুৰী। পাৰ্থিৱ সুখ – শান্তিৰ বাবে টকা-পইচাই মূল উপজীৱ্য নহয়। জীৱনসংগীজন মানুহ হ’লে এসাঁজ নুখুৱাকৈ থাকিলেও শান্তিৰে জীৱন-যাপন কবিৰ পাৰি। এবুকু বেদনা, অশান্তি সহ্য কৰি, উশাহটোক বন্ধকত ৰাখি ৰাজপ্ৰসাদৰ পালেঙত থকাতকৈ শান্তিৰে মৰম – স্নেহেৰে ভগা পজাঁত থকাটো পৰম সুখৰ ।

চিত্তসুখ বন্দী কৰি ৰখাজনতকৈ উশাহবোৰ স্বস্তিৰে ল’ব পৰা জনৰ হাতত কন্যা সন্তানক তুলি দিয়ক । ন’হলে নিৰ্যাতনৰ বিশাল অট্টালিকাত থাকি উপায়ন্তৰ হৈ অৱশেষত হীনমন্যতাত ভুগি ছোৱালীসকলে আত্মহত্যাৰ পথেই বাচি লৈ গৈ থাকিব । অন্ধ জগতত হাতদীঘল লোকে ধনৰ বলত সকলোবোৰেই নিঃচিহ্ন কৰিব পাৰে ,  কেৱল আপোনাৰ বা আমাৰ ছোৱালীজনীয়ে চিৰকালৰ বাবে মাটিৰ বুকুত বিলীন হৈ যাব । কিন্তু দানৱৰূপী পিশাচবোৰ নিচিন্তে ঘূৰি ফুৰিব উন্মুক্ত গগনৰ মুক্ত বিহংগ হৈ।

গতিকে , সংসাৰ  যাতনাৰ স্বীকাৰ হৈ কোনো নাৰীৰ  যাতে মৃত্যু নহয় , তাৰ বাবে কন্যাসন্তানক আত্মনিৰ্ভৰশীল বনাওক, উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি নিজৰ আত্মসম্মান, অধিকাৰ সাব্যস্ত কৰাৰ বাবে সাহসী মনৰ অধিকাৰী কৰি গঢ়ি তোলক। নিজৰ লগতে আন দহগৰাকী নাৰীৰ সন্মান ৰক্ষা কৰাৰ শিক্ষা দিয়ক , নাচ- গানৰ লগতে কেৰাটেৰ  অনুশীলন কৰাওক যাতে নিজৰ ৰক্ষাৰ্থে থিয় দিব পাৰে । অপাৰ নাৰী শক্তিৰ সন্মুখত যাতে কোনো মানুহ ৰূপী দানৱ তিস্তিব নোৱাৰে তেনে শিক্ষাৰে আপডাল কৰক ।

নাৰীসকললৈ কাতৰ অনুৰোধ অত্যাচাৰবোৰ মুখ বুজি সহ্য কৰাতকৈ প্ৰতিবাদী হৈ অন্যায়ৰ বিৰুদ্ধে  থিয় দিয়ক , পৰাধীনতাৰ শিকলি খুলি নিজৰ অস্তিত্বক ৰক্ষা কৰক , নাকী লগোৱা জীৱনটোৰ ইতি পেলাওক , এতিয়াও সময় আছে সজাগ হওক , জীৱনটো কেৱল বিয়াৰ বাবেই বুলি নাভাবিব । ১৮ বছৰ বয়সত বিয়া হৈ ২৮ বছৰ বয়সত ডিভোৰ্চ দিয়াতকৈ ,২৮ বছৰ বয়সত আত্মনিৰ্ভৰশীল হৈ বিবাহ-পাশত আবদ্ধ হৈ ৮০ বছৰলৈকে একেলগে সুখ-দুখৰ সংগী হৈ থকাটোৱে যেন শ্ৰেয় । ঈশ্বৰপ্ৰদত্ত জীৱনটো দুৰ্লভ, অকৰ্মত লিপ্ত হৈ জীৱনটো ধ্বংস কৰাতকৈ সম্ভাৱনাময় জীৱনটো উদযাপন কৰাৰ পথ বাচি লওক, নাৰী কেৱল শাৰীতেই নহয় , নাৰী মানেই সৃষ্টি , নাৰী মানেই পূৰ্ণতা । নাৰীক অৱহেলা কৰি আজিলৈ কোনো ৰক্ষা পোৱা নাই, নাৰীৰ স্বাভিমান.হননৰ পৰিণতি কি আছিল সেয়া আমাৰ ইতিহাস সাক্ষী আছে । সেয়েহে হে নাৰী! , নিজক অবলা নাভাবি নাৰীজাতিৰ মান ৰাখক , আত্মগৌৰৱেৰে সমাজত মূৰ তুলি বাছি থাকক। কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰেও নাৰীৰ জয়গান কৰি কৈছে — ” শুধু বিধাতার সৃষ্টি নহ তুমি নারী।”(সঞ্চয়িতা,মানসী ) গতিকে, জীৱনত বিয়াক চৰম লক্ষ্য নকৰি ”  জীৱনটো গ্ৰীষ্মকালৰ ফুলৰ দৰে আৰু মৃত্যুক শৰতত সৰি পৰা পাতৰ দৰে সুন্দৰ হ’বলৈ দিয়ক..।” অযথা অপমৃত্যুক সংগী নকৰি উপভোগ কৰক।