কৃষ্ণচূড়াৰ ৰং – ছেলিমা বেগম

কৃষ্ণচূড়াৰ ৰং
ছেলিমা বেগম
 নগাঁও
প্ৰকৃতিৰ পৰা বিদায় ললে ঋতু ৰাজ বসন্ত ।
ধৰণীৰ বুকুত নামি আহিল গ্ৰীষ্ম ঋতু,
ৰাধাচূড়, কৃষ্ণচূড়া,এজাৰ , সোণাৰু
 পাতিছে ৰঙৰ মেলা।
চৌদিশে ফুলিলে ডাল ভৰি ভৰি
 গ্ৰীষ্মকালীন ফুলবোৰ,
আকাশে,বতাহে ৰাঙলী
কৃষ্ণচূড়াৰ ৰঙৰ ৰং খিনি।
শুকুলা ডাৱৰৰ লগত
 কৃষ্ণচূড়াৰ ধেমালি।
আহঃ, ! কি যেন আনন্দ
প্ৰকৃতিৰ বুকুত,
এখন ৰঙীন দলিচা চৌপাশে
 মেলি দিলে জগতৰ নিয়মে।
কৃষ্ণচূড়াৰ ৰঙীন আৱৰণী
লগত এতিয়া শুকুলা ডাৱৰ মুগ্ধ।
কবি সকলৰ মনৰ আবিৰ্ভাৱ বোৰ
নিগৰি আছে কবিতা লিখিবলৈ।