লখিমপুৰত থানাৰ ভিতৰতে আচামীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- লখিমপুৰৰ খেলমাটি থানাত সংঘটিত হৈছে এক অঘটন। থানাৰ ভিতৰতে মৃত্যু এজন ব্যক্তিৰ। নিহত লোকজনৰ নাম আৰ্চভ আলী বুলি জানিব পৰা গৈছে। আৰ্চভ আলীৰ ঘৰ লখিমপুৰৰ চান্দমাৰিত। এটা ম’বাইলক কেন্দ্ৰ কৰি আৰ্চভ আলীক থানালৈ মতাই আনিছিল খেলমাটি আৰক্ষীয়ে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আৰ্চভ আলী ম’বাইল চুৰি গেঙৰ লীডাৰ। থানাৰ ভিতৰতে হঠাৎ অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্চভ আলীৰ মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই ঘটনাৰ ক্ষীপ্ত তদন্তৰ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷ আৰক্ষীৰ সঞ্চালকপ্ৰধান গৰাকীয়ে সামাজিক মাধ্যমযোগে এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচিত তদন্তৰ নিৰ্দেশ দিয়ে ৷ ইতিমধ্যে এই ঘটনাৰ পিছতে খেলমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ চাংমাইক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে। আচামীৰ মৃত্যু ঘটনাত হেড কনিষ্টবলক নিলম্বন আৰক্ষী অধীক্ষকৰ। এই ঘটনাক কেন্দ্ৰ কৰি খেলমাটি থানা চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু লোক আহি থানা চৌহদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। থানা ঘেৰাও কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে। আৰক্ষীলৈ শিলগুতি নিক্ষেপ একাংশ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলীচালনা কৰাৰ লগতে লাঠিচাৰ্জো কৰিবলগীয়া হয়।