মাঁ শব্দেৰে সজাম জীৱনৰ পাণ্ডুলিপি
ৰঞ্জিত বৰ্মন
সঁচা কথাবোৰ কবলৈ
আজি দেখোন বুকুখন বিষাই,
নোকোৱাকৈ থাকিবও নোৱাৰোঁ ;
শব্দটোৱে মোক
এতিয়াহে বৰকৈ আমনি কৰা হ’ল !
যেতিয়া কথা কবলৈ শিকিছিলো,
শব্দটো আওৰাবলৈ মোক
কোনেও শিকাই দিয়া নাছিল ৷
সেইবাবেই বুজা নাছিলো
শব্দটোৰ গভীৰ মৰ্মবেদনা !
দিনৰ দিনটো খেলি
যেতিয়া ঘৰমুখী হওঁ
সমনীয়াই কোৱা শুনিছিলো,
পলম হ’লে মাঁয়ে কোবাব…,
কেতিয়াবা শুনো
তুমি থাকা মই যাওঁ
মাঁয়ে চেকনিৰে পিঠি ফালিব !
মই বৰ পলমকৈ বুজিলোঁ
মাঁ শব্দটোৰ মৰ্মবেদনা ;
কথা কবলৈ শিকাৰ পৰা
মাতৃত্বৰ মৌ বৰষা মাঁ শব্দটোৱে
বঞ্চিত কৰিলে মোক ৷
সেইবাবেই মাঁ শব্দটো শুনিলে
বুকুখন বিষাই ৷
মাঁ হেনো স্বৰ্গীয় সুখৰ অনুভূতি;
অথচ সেই অনুভূতি আজি মই
সমস্বৰে প্ৰকাশ কৰিব পৰা নাই ৷
কেতিয়াবা ভাৱ হয়
আকৌ এবাৰ জন্ম পোৱা হ’লে ,
মাঁ শব্দটোৰ অমৃতময়
পৰশ পোৱা হ’লে !
অনুভৱে সাৰ পালেহেঁতেন
হয়তো আন বহু সুপুত্ৰৰ দৰে !
কবলৈ মন যোৱা নাই
মনত শংকা যদি ভুলকৈ কওঁ,
তথাপিও মনৰ উক্মুকনি
ধৰি ৰাখিব পৰা নাই ;
স্বৰ্গীয় হেনো ঈশ্বৰৰ ঘৰ
তাৰ পৰাই আত্মাৰ পুনৰ জন্ম হয় !
মাঁ তুমি যদি পুনৰ জন্ম লৈছা,
অপেক্ষা কৰিবা মোৰ মৃত্যুৰ বাবে,
পুনৰ থিতাপি লম তোমাৰ গৰ্ভত
মৌ বৰষা মাঁ শব্দটোৰেই
পাণ্ডুলিপি লিখিম মোৰ
নতুন জীৱনৰ ৷