দুৰ্ঘটনা (এক্সিডেন্ট) – অনামিকা (সংগীতা)কলিতা

pc- onmanorama

দুৰ্ঘটনা (এক্সিডেন্ট)

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হস্পিটালৰ এখন বেঞ্চত ল’ৰাটো কোলাত লৈ ৰীমাই চকু পানী টুকী বহি আছিল হঠাতে শাহুৱেক বতাহী আৰু দেওৰেক দুয়োটা হস্পিতালত উপস্থিত হোৱা দেখি তাই আচৰিত হোৱাৰ লগতে ভাল পালে ,অকণমান সাহস বাঢ়িল আৰু হাততে সৰগ খন ঢুকি পোৱা যেন অনুভৱ হ’ল।

তাই শাহুৱেকক সাৱটি ধৰিলে আৰু হুকহুকাই কান্দিলে ,শাহুৱেকে তাইৰ চকুপানী বোৰ মচি দিলে, আশ্বাস ভৰা চাৱনিৰে তাইৰ লগত একেলগে বেঞ্চত বহি লৈ তাইৰ মূৰটো মৰমেৰে পিহি দিলে ।শাহুৱেকৰ হাতৰ স্পৰ্শই তাইৰ সকলো ভাগৰ পলকতে নোহোৱা হোৱা যেন লাগিল। দেওৰেক দুজনে তাইৰ ল’ৰা দিপক কোলাত তুলি সাৱটি থাকিল কিছুসময়,সিও খুৰাক হতক একথৰে চাই থাকিল,তেওঁলোক দুয়ো  চুমা  খাই  মৰম কৰি  বাহিৰলৈ লৈ গ’ল।তাকে দেখি তাই দুখৰ মাজতো অকণমান শান্তি পালে কিন্তু পিছ মুহূৰ্ততে তাইৰ বুকুখন এক শোকে খুন্দা মাৰি ধৰিলে,আৰু তাইৰ পাঁচ বছৰ আগৰ কথা মনলৈ আহিল —

ঘৰৰ একমাত্ৰ ছোৱালী আছিল তাই , দেউতাক মাকৰ কৰ আলসুৱা মৰমত ডাঙৰ হোৱা ৰীমা। হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোতে দেউতাক মাকৰ অমতত মৃদুলক ভাল পাই গুছি আহিছিল ।মৃদুলৰ ভাই-ভনী ভৰা ঘৰখনত, পৰিয়ালৰ কাম -কাজ বোৰ দেখি তাইৰ মূৰটো  গৰম হ’বলৈ ধৰিলে ।একক পৰিয়াল ডাঙৰ হোৱা ৰীমা মাকক দেউতাৰ সৈতে তাই তিনিগৰাকী  সদস্য  আছিল। সেই কাৰণে তাইৰ অশান্তিত থকা কাৰণটো  মৃদুলৰ মাকে ভালদৰে বুজি পালে ,আৰু পুতেকক কাষলৈ মাতি সকলো বুজাই বঢ়াই সিহঁত দুয়ো তাক বেলেগে কৰি থাকিবলৈ দিলে। মাকৰ কথা মতে মৃদুলে সিহঁতৰ বজাৰত ভাড়া দিবৰ বাবে বনোৱা ৰুমতে বস্তু বাহিনীৰ লৈ ৰীমাৰ সৈতে সি থাকিব ল’লে । তাইক সুখত ৰাখিবৰ বাবে মৃদুলে তাৰ নিজৰ ঘৰখন এৰি,সিহঁতৰ ভাড়া ঘৰৰ বাবে বনোৱা ঘৰত  নিজে ভাড়াতীয়া হৈ তাইৰ লগত সংসাৰ আৰম্ভ কৰিলে । এনেকৈ সুখ আনন্দৰে সময় বোৰ গৈ থাকিল,দুয়োৰে মাজত কোলা শুৱনি কৰিবলৈ  পুত্ৰ সন্তান এটিৰ আগমন হ’ল ।কিন্তু যোৱাকালি মৃদুলে তাৰ কামৰ পৰা আহি থাকোতে ট্ৰাকত খুন্দা লাগি এক্সিডেন্টত গুৰুতৰ ভাৱে অহত হয়।কোনোবাই হস্পিতাললৈ আনি মৃদুলৰ ফোনটোত তাইৰ নম্বৰটো লৈ ফোন কৰিলে।তাই লগে লগে সন্তানটো কোলাত লৈ হস্পিতাল’লৈ ঢাপলি মেলে। তাই পলাই অহাৰ পিছত প্ৰথম বাৰৰ বাবে মাক-দেউতাকক ফোন কৰিলে কিন্তু তেওঁ লোকে ভেকাহি মাৰি ফোনটো থৈ দিলে ,কোনো নাহিল । শাহুৱেক-দেউৰেকক এবাৰ ফোন কৰি দিয়াৰ পিছতে তৎক্ষণাত আহিল , এয়া হয়তো হৃদয়ৰ এক এনাজৰী বান্ধোন  তাইৰ কাৰণে ইমান দিনে বিচ্ছিন্ন হৈ আছিল আৰু আজি পুণৰ জোৰা লাগিল তাই অনুভৱ কৰিলে । নিজৰ ভুলৰ বাবে তাই শাহুৱেকৰ ভৰি ধৰি ক্ষমা খুজিলে । মৃদুলৰ অকণমান চেতনা ঘুৰি অহাত তাৰ এখন হাতত  ভায়েকৰ স্পৰ্শ তাৰ চকুপানী বৈ আহিল, মাকে তেখেতৰ আচঁলেৰে মচি দিলে তাৰ চকুপানীবোৰ ।এজন ভায়েকে তাক তেজ দিলে,এক্সিডেন্টত অকণমান বেয়াকৈ আঘাট পোৱাত যথেষ্ট তেজ গাৰ পৰা ওলাই গৈছিল। ভায়েক হতক আৰু মাকক দেখি মৃদুলৰ মনতো প্ৰশান্তিৰে ভৰি পৰিল। সি অনুভৱ কৰিলে  তাৰ জীৱনত এয়া এক্সিডেন্ট  নহয়  আশীৰ্বাদ —