আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেডমিণ্টন খেলুৱৈ ঈশাৰাণী বৰুৱাক ডিব্ৰুগড় অফিচাৰ্চ  ক্লাৱ বেডমিণ্টনৰ উষ্ম আদৰণি

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বেডমিণ্টন খেলুৱৈ ঈশাৰাণী বৰুৱাক ডিব্ৰুগড় অফিচাৰ্চ  ক্লাৱ বেডমিণ্টনৰ উষ্ম আদৰণি
এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ পৰা সুদূৰ চীন, শ্ৰীলংকা, নেডাৰলেণ্ড, কাজাখাস্তান  আদি বিভিন্ন আন্তৰ্জাতিক বেডমিণ্টন খেলত অংশগ্ৰহণ কৰি পদক লাভেৰে দেশৰ লগতে ডিব্ৰুগড় জিলালৈ সুনাম কঢ়িয়াই অনা ঈশাৰাণী বৰুৱাক  ১৭ মে’ তাৰিখে ডিব্ৰুগড়ৰ “অফিচাৰ্চ ক্লাৱ বেডমিণ্টন”ৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়। বেডমিণ্টন ৰাণী ঈষাৰাণী বৰুৱাই ইতিমধ্যে চীনৰ চেংগুত  ২৪-৪-২০২৪ ৰ পৰা ৫-৫-২০২৪ লৈ অনুষ্ঠিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ “উবেৰ কাপ কোৱাৰ্টাৰ ফাইনেল”ত অৱতীৰ্ণ হয়। ইয়াৰোপৰি কাজাখাস্তানত অনুষ্ঠিত কাজাখাস্তান ইন্টাৰনেচনেল চেলেঞ্জ, নেডাৰলেণ্ডত অনুষ্ঠিত ডাষ্ট ইন্টাৰনেচনেল, শ্ৰীলংকাত  অনুষ্ঠিত শ্ৰীলংকা ইন্টাৰনেচনেল চেলেঞ্জ, ভূৱনেশ্বৰত অনুষ্ঠিত ভূৱনেশ্বৰ মাষ্টাৰচ আদিৰ লগতে মুঠ ৭৫ খনৰো অধিক আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলত অৱতীৰ্ণ হৈছে। ইয়াৰ  ভিতৰত  আন্তৰ্জাতিকত ২৩ খন খেলত,ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৩২ খনত আৰু ৰাজ্যিক পৰ্যায়ত ২০ খন খেলত অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকেৰে দেশৰ লগতে ডিব্ৰুগড় জিলালৈ সুনাম  কঢ়িয়াই আনে। সম্প্ৰতি বিশ্বত ঈশাৰাণী বৰুৱাৰ ৰেংকিঙৰ স্হান হৈছে ৭৬ নম্বৰ আৰু ভাৰতীয় ৰেংকিঙত এক নম্বৰ স্থানত আছে বুলি তেওঁ কয়। ২০০৪ চনৰ চাৰি জানুৱাৰীত ডিব্ৰুগড়ৰ লক্ষীনগৰৰ ২ নম্বৰ বাইলেনত  জন্ম গ্ৰহণ কৰা ঈশাৰাণী বৰুৱাৰ পিতৃ মনেশ্বৰ বৰুৱা আৰু মাতৃ জোনমনি বৰুৱা আৰু ককায়েক সৌৰভ জ্যোতি বৰুৱাৰে এটি সুখৰ সংসাৰ।  বৰ্তমানে ঈশাৰাণী বৰুৱাই  কটন মহাবিদ্যালয়ত বি এ পঢ়ি আছে। অনুষ্ঠানৰ আৰম্ভণিতে ঈশাৰাণী বৰুৱাক ডিব্ৰুগড় জিলাৰ অতিৰিক্ত  আয়ুক্ত ড০ মনিকা বৰাই আদৰণি জনাই ভৱিষ্যতৰ  উজ্জ্বল কামনা কৰি আৰু আগুৱাই যোৱাৰ বাবে আশীৰ্বাদ কৰে। আন গৰাকী অতিৰিক্ত আয়ুক্ত ত্ৰিসিদ্ধ নাথে কণ কণ প্ৰশিক্ষণ  লোৱা ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কয় যে অকল ঈশাৰাণী বৰুৱা কিয় ডিব্ৰুগড়ৰ  পৰা আৰু ল’ৰা ছোৱালীয়ে বেডমিণ্টন খেলি ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ হৈ ডিব্ৰুগড়ৰ  নাম উজ্জ্বলাই তুলিব পাৰিব লাগিব  আৰু তাৰ  বাবে পঢ়াশুনাৰ লগতে সমান্তৰাল ভাৱে খেলকো আগুৱাই নিব লাগিব বুলি কোৱাৰ লগতে প্ৰশিক্ষক নাৰুল আখতাৰ হুছেইনৰো শলাগ লয়।  ঈশাৰাণীয়ে বিশ্বৰ আগশাৰীৰ খেলুৱৈৰ লগত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ  হৈ নিজেকে সুখী  বুলি অনভৱ কৰে আৰু ভৱিষ্যতে আৰু আগবাঢ়ি যোৱাৰ  সংকল্প লয় আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰে বুলি ভাষণ প্ৰসঙ্গত কয়।   এই অনুষ্ঠানতে ডিব্ৰুগড়ৰ অফিচাৰ্চ ক্লাৱ বেডমিণ্টনৰ তৰফৰ পৰা ঈশাৰাণী বৰুৱাক নগদ ২০,০০০/- (বিশ হাজাৰ) আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সন্থাৰ পৰা  নগদ পাঁচ  হাজাৰ টকা দিয়াৰ কথা ষোষণা কৰে মহাবিদ্যালয় খনৰ সহকাৰী অধ্যাপক ডা০  চাজিদ আহমেদে। অনুষ্ঠানৰ শেষত বেডমিণ্টন প্ৰশিক্ষক নাৰুল আখতাৰ হুছেইনে শলাগৰ শৰাই আগবঢ়ায় আৰু  বিশ্ব দৰবাৰত  ঈশা ৰাণীয়ে নিজৰ নাম খোদিত  কৰিবলৈ  সক্ষম হোৱাত  সন্তোষ প্ৰকাশ কৰে।