প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান

প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান। আজি পুৱা ৭.০৮ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অন্তিম নিশ্বাস ত্যাগ কৰে অগপ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫ বছৰ ৷ দীৰ্ঘদিন ধৰি হৃদৰোগৰ লগতে মধুমেহ, যকৃত আৰু বৃক্কৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ বিগত ১৩ মে’ ত অসম চৰকাৰৰ দুই মন্ত্ৰী তথা অগপ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ক্ৰমে অতুল বৰা আৰু কেশৱ মহন্তৰ তৎপৰতাত ৰঙিয়াৰ স্বস্তি হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল থানেশ্বৰ বড়োক ৷ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ উল্লেখ্য যে, জি এম চি এইচৰ পৰা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নশ্বৰদেহ নিয়া হ’ব আমবাৰীৰ অগপ কাৰ্যালয়লৈ ৷ তাত শেষ শ্ৰদ্ধা জনোৱা হ’ব ৷ আমবাৰীৰ পিছতে তেওঁৰ নশ্বৰদেহ ৰাজধানী দিশপুৰস্থিত জনতা ভৱনলৈ নি শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৷ এই শ্ৰদ্ধাঞ্জলিৰ অন্তত ৰঙিয়ালৈ তেওঁৰ নশ্বৰদেহ লৈ গৈ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৱে একমাত্ৰ কন্যাক ইহসংসাৰত এৰি থৈ যায় ৷ অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ৩ বাৰকৈ ৰঙিয়া সমষ্টিৰ বিধায়ক আছিল বড়ো।উল্লেখ্য যে অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত তেওঁ ৰাজহ মন্ত্ৰী হোৱাৰ লগতে পৰৱৰ্তী সময়ত দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।