ফেডাৰেচন কাপত স্বর্ণ জয় নীৰজ চোপ্ৰাৰ

ফেডাৰেচন কাপত স্বর্ণ জয় নীৰজ চোপ্ৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাৰ আন এক সফলতা । ফেডাৰেচন কাপৰ পুৰুষ শাখাত জেভলিন থ্ৰ’ ইভেণ্টত সোণৰ পদক লাভ কৰিলে নীৰজ চোপ্ৰাই । ওড়িশাৰ ভুবনেশ্বৰত অনুষ্ঠিত প্রতিযোগিতাখনৰ পুৰুষৰ জেভলিন শাখাত টকিঅ’ অলিম্পিকত স্বর্ণ জয় কৰি ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাই ৮২.২৭ মিটাৰ থ্র’ কৰি শীৰ্ষ স্থানেৰে স্বর্ণপদক জয় কৰে। সদ্যসমাপ্ত ড’হা ডায়মণ্ড লীগত ৮৮.৩৬ মিটাৰ থ্র’ কৰি দ্বিতীয় স্থান অধিকাৰ কৰা নীৰজ চোপ্ৰাই আজি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন-দাঙি ধৰাত ব্যর্থ হয়। পঞ্চমটো প্রচেষ্টাত নীৰজে স্বর্ণ পদকটো নিশ্চিত কৰে।।এই প্ৰতিযোগিতাত নীৰজে হাৰিয়ানাক প্ৰতিনিধিত্ব কৰে । কৰ্ণাটকৰ মনুয়ে ৮২.০৬ মিটাৰৰ সৈতে দ্বিতীয় স্থান লাভ কৰে, আনহাতে মহাৰাষ্ট্ৰৰ উত্তম বালাচাহেব পাটিল ৭৮.৩৯ মিটাৰৰ সৈতে তৃতীয় স্থান লাভ কৰে । এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী কিশোৰ জেনাই হতাশাজনক ৭৫.৪৯ মিটাৰেৰে পঞ্চম স্থান লাভ কৰে ।