কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ মাহিলি পৰ্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ মাহিলি পৰ্যালোচনা বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজৰ খতিয়ান সন্দৰ্ভত মাহিলি পৰ্যালোচনা বৈঠকখন আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় । কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ আয়ুক্ত পাৰিজাত ভূঞাৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত বৈঠকত জিলাখনৰ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়া, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । সভাত কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ধীৰাজ দাসে অংশগ্ৰহণকাৰী বিষয়া-প্ৰতিনিধিসকলক চৰকাৰী আঁচনিসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ লগতে ইতিমধ্যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ৰূপায়িত আঁচনিসমূহৰ বিষয়েও বিতংভাৱে অৱগত কৰে । সংশ্লিষ্ট বিভাগসমূহে নিজৰ বিভাগৰ চৰকাৰী আঁচনি তথা প্ৰকল্পসমূহৰ ৰূপায়ণ সম্পৰ্কীয় তথ্যসমূহ পাৱাৰ পইন্ট প্ৰেজেণ্টটেশ্যন পদ্ধতিৰে প্ৰদৰ্শন কৰে। অনুষ্ঠানত কামৰূপ (ম) জিলা পৰিষদৰ উপ -মুখ্য কাৰ্যাবাহী বিষয়া সমীপ ডেকা , সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ প্ৰমুখ্যে অন্যান্য বিভাগীয় বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে৷