মৰিগাঁৱত লেখিকা সমাৰোহ সমিতিৰ চতুৰ্দশ দ্বি-বার্ষিক – অধিবেশন 

মৰিগাঁৱত লেখিকা সমাৰোহ সমিতিৰ চতুৰ্দশ দ্বি-বার্ষিক – অধিবেশন 

মৃদুস্মিতা শৰ্মা, মৰিগাঁৱ, ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও জিলা শাখাৰ চতুৰ্দশ দ্বি-বার্ষিক অধিবেশনখন ১২ মেত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত মৰিগাঁও জিলাৰ গান্ধী ভৱনত অনুষ্ঠিত হয় । অধিবেশনৰ পুৱা সংগঠনটোৰ পতাকা উত্তোলন কৰে মৰিগাঁও জিলা শাখাৰ সভানেত্রী স্মৃতিৰেখা গোঁহায়ে। ইয়াৰ পিছতে বন্তি প্রজ্বলন কৰে সংগঠনটোৰ জ্যেষ্ঠ সদস্যা ক্রমে নিৰুপমা মহন্ত আৰু পুস্পলতা বুঢ়াগোহাঁইয়ে । আনহাতে স্মৃতি বেদীত স্মৃতি – তর্পণ আৰু মাল্যার্পন কৰে সংগঠনটোৰ প্ৰাক্তন সভানেত্রী – ক্রমে চন্দ্রলেখা গোঁহাই লাহন আৰু পোনা দেবী মহন্তই। – দুপৰীয়াৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হয় । মৰিগাঁও জিলা লেখিকা সমাৰোহৰ সম্পাদিকা অৰ্চনা শৰ্মাই আঁত ধৰা অনুষ্ঠানত মৰিগাঁও জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী স্মৃতিৰেখা গোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰে সংগঠনটোৰ প্রতিষ্ঠাপক সভানেত্রী বাণী বৰুৱাই। এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজৰিকা, কেন্দ্ৰীয় প্ৰচাৰ উপ-সমিতিৰ কার্যকৰী সভাপতি অজিত শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা, সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধি, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, প্রাক্তন সভাপতি বুবুমণি গোস্বামী, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰাক্তন প্রধান সম্পাদক বাবুল বৰাসহ বহুকেইজন বিশিষ্ট ব্যক্তি। এই সভাতে জার্জিনা বেগমৰ দ্বাৰা সম্পাদিত সংগঠনটোৰ মুখপত্র ‘কপিলী’ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্র শইকীয়াই আৰু ৰীণা ডেকাৰ ‘অনুভৱৰ দুলনি’ শীর্ষক এখন কাব্য গ্রন্থ উন্মোচন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীয়ে। উল্লেখযোগ্য যে এই সভাতে বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়োৱা নৱ প্ৰজন্ম, সমাৰোহ সমিতিৰ সদস্যা সকল আৰু সমাৰোহৰ সফল মাতৃক সম্বৰ্ধনা জনোৱা হয় ৷ সন্ধিয়া অনুষ্ঠিত এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুলক্ষণা বৰপাত্ৰগোহাঁয়ে। ইফালে ১১ মে’ত অধিবেশনৰ প্ৰতিনিধি সভাত ৰীণা ডেকাক সভানেত্ৰী আৰু ৰূপা শৰ্মাক সম্পাদিকা হিচাপে লৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও জিলা শাখাৰ ৩১ জনীয়া পূর্ণাংগ কার্যনির্বাহক সমিতিখন গঠন কৰা হয়। মৰিগাঁও জিলা লেখিকা সমাৰোহৰ সম্পাদিকা অৰ্চনা শৰ্মাই সমগ্ৰ কাৰ্যসূচী আঁত ধৰে ৷