নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ 

নাৰেংগীত বাতৰি কাকতৰ এজেন্সীত কৰ্মৰত পিতৃ 
পুত্ৰই ৩ টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক
পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এটি বাতৰি কাকতৰ এজেন্সীত ৪৪ বছৰ কৰ্মৰত শৰৎ কলিতাৰ পুত্ৰ বিশ্বজিৎ কলিতাই এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩ টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৩.৫ শতাংশ নম্বৰেৰে পৰিয়ালৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ সুখৰ নিজৰা বোৱাই আনিছে । আজি নাৰেংগীৰ অঞ্চলত সুদীৰ্ঘ কাল ভাড়াঘৰত থাকি পঢ়াশুনা কৰা ছাত্ৰজনক “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই অংশ লৈ কয়- কৃতী বিদ্যাৰ্থী বিশ্বজিৎ কলিতাই অসমৰ সমাজ জীৱনত মচিব নোৱৰা সাঁচ বহুৱাব । প্ৰকাশনৰ সচিব, লেখক দীপক শৰ্মাই কয়- সোণৰ চামুচ লৈ জন্ম পোৱা সন্তানতকৈ সংগ্ৰামৰ মাজেদি আগুৱাই গ’লেহে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পৰা যায় । শংকৰদেৱ শিশু নিকেতন, নাৰেংগীৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ ছাত্ৰজনৰ মাতৃ মিনতি কলিতা । বিশ্বজিৎ কলিতাই অসমীয়াত ৭৭, ইংৰাজীত ৯২, সাধাৰণ বিজ্ঞানত ৮৬, সমাজ বিজ্ঞানত ৭৫, সাধাৰণ গণিতত ৭৮, উচ্চ গণিতত ৯৩ নম্বৰ লাভ কৰিছিল । শৰৎ কলিতাৰ পিতৃৰ মূল ঘৰ কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ লাচি বিষ্ণুপুৰত ।