ডিব্ৰুগড়ৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ বাণিজ্য শাখাত এশ শতাংশ, বিজ্ঞান শাখাত নব্বৈ শতাংশ সফলতা
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে উৎফুল্লিত কৰিছে ডিব্ৰুগড় বৈৰাগীমঠস্থিত শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় কৰ্তপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক৷ ফলাফল অনুসৰি বিজ্ঞান শাখাত ৯০ শতাংশ, বাণিজ্য শাখাত ১০০ শতাংশ আৰু কলা শাখাত ৭৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ কনিষ্ঠ মহাবিদ্যালখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বিজ্ঞান শাখাৰ মুঠ ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৩০ গৰাকী, দ্বিতীয় বিভাগত ৪২ গৰাকী আৰু তৃতীয় বিভাগত ৯ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে৷ বাণিজ্য শাখাৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৪ গৰাকী আৰু দ্বিতীয় বিভাগত ৪ গৰাকী উত্তীৰ্ণ হৈছে৷ কলা শাখাত ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৬ গৰাকী প্ৰথম বিভাগত, ৮ গৰাকী দ্বিতীয় বিভাগত আৰু ১৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ আটাইকেইটা শাখাৰ কুৰি গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ, ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ লাভ কৰি চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে৷ উল্লেখ্য যে ১৯৯৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়খনি কোনো ব্যক্তিগত মালিকানাধীন শিক্ষানুষ্ঠান নহয়৷ সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থ আগত ৰাখি তুলনামূলকভাৱে নিম্ন মাছুলৰ বিনিময়ত ‘শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ সেৱা সমিতি অসম’ নামৰ এটি ৰাজহুৱা প্ৰতিস্ঠান ট্ৰাষ্টে এই শিক্ষানুষ্ঠান পৰিচালনা কৰি আহিছে৷এই সফলতাত মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে মহাবিদ্যালয়খনৰ ট্ৰাষ্টৰ লগতে সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।