নলবাৰীৰ তন্ত্ৰ শংকৰা গাঁৱত শ্ৰীশ্ৰী কলীয়া ঠাকুৰ সত্ৰৰ মুখ্য দ্বাৰৰ আধাৰশিলা স্থাপন

নলবাৰীৰ তন্ত্ৰ শংকৰা গাঁৱত শ্ৰীশ্ৰী কলীয়া ঠাকুৰ সত্ৰৰ মুখ্য দ্বাৰৰ আধাৰশিলা স্থাপন

দীপক শৰ্মা,গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- আজি নলবাৰীৰ সমীপত অৱস্থিত তন্ত্ৰ শংকৰা গাঁৱত অৱস্থিত শ্ৰীশ্ৰী কলীয়া ঠাকুৰ সত্ৰত এখন মুখ্য দ্বাৰৰ আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দীপক কুমাৰ কলিতাই । অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ কমল কলিতাই দাতা হিচাপে এই মুখ্য দ্বাৰৰ সকলো খৰছ বহন কৰিব বুলি জানি তেওঁ বৰ আহ্লাদিত হয় । বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক, বৰগীতৰ শিল্পী, ঘোষা-নামৰ পাঠক মহিৰাম কলিতাৰ সোঁৱৰণত এই মুখ্য দ্বাৰ নিৰ্মাণ কৰাৰ আঁচনি লোৱা হৈছে বুলি এই সত্ৰৰ উদ্যোক্তা বিপিন কলিতা(সভাপতি) আৰু প্ৰদীপ কলিতা(সম্পাদক)ই জনাইছে । উল্লেখ্য যে বৈষ্ণৱ গুৰু শ্ৰীৰাম আতাই এই সত্ৰ স্থাপন কৰিছিল । তেতিয়াৰ পৰা এই সত্ৰত চাকি বন্তি প্ৰজ্বলিত হৈ আছে আজিলৈকে । উল্লেখযোগ্য যে বৰপেটা সত্ৰই সেই শ্ৰীৰাম আতাৰ দিনৰ পৰা চাকিৰ তেল যোগান ধৰি আছে আজিলৈকে । এই গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ কথাও তেওঁলোকে জানিবলৈ দায়ে । বহু দিনৰ পৰা এখন মুখ্য দ্বাৰৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি আহিছিল বুলি তেওঁলোকে কয় আৰু এই অভাৱ সমাজ হিতৈষী কমল কলিতাই পূৰ্ণ কৰিবলৈ আগবাঢ়ি অহা কাৰণে তেওঁ সদায় কৃতজ্ঞ হৈ ৰৱ । উপাধ্যক্ষ দীপক কুমাৰ কলিতাই ৬৫ বিঘা মাটি থকা সত্ৰখনৰ কাৰণে এক ডাঙৰ সম্পদ আৰু পৰিকল্পনামতে আগবাঢ়িলে সত্ৰ খনৰ বহু নলবাৰী অঞ্চলতে বৈষ্ণৱ ধৰ্মৰ এক পীঠস্থান হ’ব বুলি দীপক কলিতাই মন্তব্য কৰে । সাহিত্যিক কমল কলিতাই এই সত্ৰখনৰ ডাঙৰ অভাৱ পূৰণ কৰিবলৈ আগবাঢ়ি অহাৰ কাৰণে ইয়াৰ ৰাইজে তেওঁক ভূয়সী প্ৰশংসা কৰে । আজিৰ এই মুখ্য দ্বাৰৰ যি ব্যৱস্থা কৰা হ’ল তাৰ কাৰণে এই অঞ্চলত সুদুপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি দীপক কুমাৰ কলিতাই তেওঁৰ ভাষণত ব্যক্ত কৰে আৰু এক ইতিবাচক দিশত গুৰুত্ব লাভ কৰিব ।