ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

Pc Deccan Herald

ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফাঁচী বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। গেলাপট্টিৰ লক্ষীগলিত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। পাট’দিয়া মাৰ্কেটত ক্ষত-বিক্ষত অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ। মাৰ্কেটখনৰ তৃতীয় মহলাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। যুৱকজনৰ পিছমূৰৰ পৰা ওলাই আছিল তেজ। এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। ফাঁচীবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ।