৩৫ সংখ্যক প্রাকৃতিক কবি সন্মিলন সম্পন্ন

৩৫ সংখ্যক প্রাকৃতিক কবি সন্মিলন সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্রাকৃতিক কবি সন্মিলনৰ পঞ্চত্রিংশতিতম্ বাৰ্ষিক অধিৱেশনৰ গ্ৰন্থ উন্মোচনী সভাখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে পক্ষীবিদ তথা দৈনিক বাতৰি কাকতৰ মুখ্য সম্পাদক ভুৱনেশ্বৰ শৰ্মাই। মুখ্য অতিথি হিচাপে থাকে অধ্যাপক ড° অমূল্য বর্মণ, প্রবীন অভিনেতা দীনেশ দাস, বিশিষ্ট অতিথি অধ্যাপক ডা প্রশান্ত শর্মা, উপ-সভাপতি ড’দ্বীপেন্দ্ৰ কুমাৰ নাথ, ড° খায়াম উদ্দিন আহমেদে আমন্ত্রিত অতিথিৰ আসন অলংকৃত কৰে। গ্ৰন্থ উন্মোচন কৰি ড° প্ৰশান্ত শর্মাদেৱে কবিতাৰ ওপৰত মনোজ্ঞ বিশ্লেষণ দাঙি ধৰে। মুখ্য সম্পাদকৰ অনুপস্থিতিৰ বাবে ড° খায়াম উদ্দিন আহমেদে সভাৰ কাম সুচাৰুৰূপে পৰিচালনা কৰে৷ সভাত বন্তি প্ৰজ্বলন কৰে কবি পূৰ্ণানন্দ শর্মাদেরে। ডাঃ নীলোৎপল বড়াই আৰম্ভণি গীত পৰিৱেশন কৰে। মনোহৰ চৌধুৰীৰ দুহিতা মৌচুমী চৌধুৰী আৰু ডাঃ শিখাৰাণী চৌধুৰী, বোৱাৰী পাৰুল চৌধুৰী, ৰঞ্জনা পাঠক, গীতাৰাণী ডেকা, জয়া গোস্বামী, আকাশ নীলিম ৰাভা, কক্ষ্যজিৎ বৰুৱাই সভা পৰিচালনাত সহযোগ কৰে। সভাত কবিতা পাঠ আৰু ভাষণ পালপাতি উপস্থাপন কৰে। কবিতা পাঠ অনুষ্ঠান সঞ্চালনা কৰে ধনজিৎ তালুকদাৰে। সভাত অভিনেতা দীনেশ দাসে হাস্য ব্যঙ্গ কথাৰে দৰ্শকক মোহিত কৰে আৰু তেখেতে ১২২ খন চিনেমা কৰাৰ কথা কয় আৰু সহজানন্দ বৰদলৈৰ পৰা হাঁহি আৰু ব্যঙ্গৰ শিক্ষা পোৱা বুলি স্মৰণ করে। প্রাকৃতিক কবি সন্মিলনত প্রকৃতি বিষয়ক কবিতা পাঠে উপস্থিত দর্শক ৰাইজক আনন্দ দিয়াৰ লগতে পৰিৱেশৰ উত্তৰণত সহায় কৰা বুলি অধ্যাপক ড° অমূল্য বর্মণে কয় । কবিতা পাঠ অনুষ্ঠানত কবিতা পাঠ কৰে ক্ৰমে সর্বশ্রী কামিনী মোহন শৰ্মা (বজালী), আকাশ নীলিম ৰাভা, মীনা তালুকদাৰ (পাঠশালা) সিন্ধুমণি শৰ্মা (বাক্সা), গৰিমা ভৰদ্বাজ (পাঠশালা), গীতি কবি অমূল্য কুমাৰ দাস, ফুলেশ্বৰ বসুমতাৰী, ড° দিবাকৰ নাথ, কবীন্দ্ৰ দাস, অমূল্য ঠাকুৰীয়া (টিহু), অলকা বনিয়া, দর্শনা বনিয়া, সুনীলা বনিয়া, পলী বণিক্য ভাষণ, মঞ্জুলা বেগম, অৰূপ ডেকা ভাষণ কবিতা, হিমাশ্রী সান্দিলা, পবন কুমাৰ ভূঞা, আৰাধনা ভূঞা, মেলেচা চৌধুৰী, খনিন বৈশ্য, কৰবী মেধি, চাজিদ আলী, পিংকুমণি কলিতা, মনোজ কলিতা, উদ্ধৱ দাস, পদ্মিনী ৰাজবংশী, ৰুমী শ‍ইকীয়া, শিখাঞ্জলি ডেকা বৰ্মণ, মন্দিৰা গগৈ, চিত্ৰলেখা দাস, মাণিক চন্দ্র শর্মা (বঙাইগাঁও), গীতা দেৱা (বঙাইগাঁও), দীপা গোস্বামী আৰু কিৰণ চন্দ্ৰ গোস্বামী (ভুৱনেশ্বৰ), দীপিকা বে কাথাৰ (বৰবাৰী), ভাৰতী বৰদলৈ, বস্তি শ‍ইকীয়া দত্ত, হেমেন শৰ্মা, অনুৰাগ হাজৰিকা (তিতাবৰ) কক্ষ্যজিৎ বৰুৱা (ছিপাঝাৰ), কবিতা দেৱী, গীতা ৰাণী পাঠক দাস, ৰুমা নাথ, পাৰুল চৌধুৰী, মিন্টু শৰ্মা, প্ৰণৱ শৰ্মা, প্রিয়ংকা মিশ্র প্রভৃতি ৪০ গৰাকী কবিয়ে কবিতা পাঠ কৰে আৰু প্ৰায় ৪৫ গৰাকীয়ে সময়ৰ অভাৱত পাঠ কৰিব নোৱাৰা বাবে সভাপতি ক্ষমা প্রার্থী হয়। অশীতিপৰ পিতৃ মনোহৰ চৌধুৰীৰ বাবে তেওঁৰ কন্যা মৌচুমীয়ে স্বীকাৰ কৰা ত্যাগৰ বাবে সভাপতি ভুৱনেশ্বৰ শৰ্মা আৰু বিশিষ্ট কবি পলী বণিক্যই শলাগ লয়। মৌচুমী চৌধুৰীৰ দৰে কন্যা প্ৰতিখন ঘৰত আদৰ্শ হিচাপে জন্ম পাওক বুলি আশীৰ্বাদ কৰি সভা ভংগ দিয়ে।