জুবিন গাৰ্গ যুৱপ্ৰজন্মৰ বাবে আদৰ্শ হয়নে ?
দেবর্ষি গৌতম, বনগাঁও
জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ বাবে এক উজ্জ্বল নক্ষত্ৰ। অসমীয়া সংগীত জগতৰ বাবে জুবিন গাৰ্গৰ যি অৱদান সেয়া সচাকৈ অতুলনীয়। জুবিন গাৰ্গৰ যে কেৱল অসমীয়া সংগীত জগততে আধিপত্য আছে তেনে নহয়, তেওঁ অসমীয়া ভাষাৰ উপৰিও হিন্দী, বঙালী ভাষাৰ উপৰিও অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাৰ সংগীতত কণ্ঠদান কৰিছে। জুবিন গাৰ্গৰ যি অৱদান সেয়া যে কেৱল অসমীয়া সংগীততে সীমাবদ্ধ আছে তেনে নহয়। জুবিন গাৰ্গে মৃতপ্ৰায় অসমীয়া বোলছবি উদ্যোগক জীয়াই তুলিবলৈ যি আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছে সেয়া সচাকৈ প্ৰশংসনীয়। হয়তো জুবিন গাৰ্গে অসমীয়া বোলছবি উদ্যোগত হাত নিদিয়া হলে এই উদ্যোগটো চিৰদিনৰ বাবে অতীতৰ গৰ্ভত বিলীন হৈ গ’লহেঁতেন। এনেবোৰ কৰ্মৰ বাবে জুবিন গাৰ্গৰ বিশেষকৈ অসমত এক বিশেষ প্ৰভাৱ আছে। অসমৰ যুৱপ্ৰজন্মই জুবিন গাৰ্গক নিজৰ আদৰ্শ হিচাপে মানি লৈ তেওঁৰ জীৱন শৈলীৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশ অনুসৰণ কৰে। জুবিন গাৰ্গক অসমৰ যুৱপ্ৰজন্মই নিজৰ আদৰ্শ হিচাপে অনুসৰণ কৰাত আচৰিত হব লগীয়াই একো কথা নাই কাৰণ জুবিন গাৰ্গে অসমীয়া সংগীত জগতৰ উপৰিও অসমৰ বিভিন্ন ক্ষেত্ৰৰ বাবে যি অৱদান আগবঢ়াই আছে সেই সকলোবোৰৰ বাবে আজিৰ দিনত জুবিন গাৰ্গ কেৱল এগৰাকী ব্যক্তি হৈ থকা নাই বৰ্তমান জুবিন গাৰ্গ নামটো এটা বৃহৎ অনুষ্ঠান। অতুলনীয় প্ৰতিভাৰ গৰাকী হোৱাৰ পিছতো, সমাজত সীমাহীন প্ৰভাৱ থকাৰ পিছতো কিন্তু বিতৰ্কই জুবিন গাৰ্গক কেতিয়াও লগ নেৰে। বহু সময়ত ইচ্ছাকৃতভাৱে আৰু বহু সময়ত অনিচ্ছাকৃতভাৱে কৰা মন্তব্য সমূহে জুবিন গাৰ্গক বাৰুকৈয়ে বিপাঙত পেলাই আহিছে। বহু সময়ত জুবিন গাৰ্গে ইচ্ছাকৃতভাৱে কৰা কিছুমান মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰাৰ উপৰিও সমাজত এক বিৰূপ প্ৰভাৱ পেলাই বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত। জুবিন গাৰ্গৰ লগত সাঙোৰ খোৱা প্ৰতিটো বিতৰ্কই যে তেওঁ ইচ্ছাকৃতভাৱে সৃষ্টি কৰা তেনে নহয়। বহু সময়ত জুবিন গাৰ্গে প্ৰকাশ কৰিব বিচৰা অনুভৱক অন্য ধৰণে প্ৰচাৰ কৰাৰ ফলত বহু বিতৰ্কৰ সূচনা হয়। এইবাৰ ৰঙালী বিহুৰ এক অনুষ্ঠানত জুবিন গাৰ্গে বিহু সমিতি সমূহে ছপা কৰি উলিওৱা স্মৃতি গ্ৰন্থ ওপৰত এক ৰাজহুৱা মন্তব্য আগবঢ়াই। যি মন্তব্যই ইতিমধ্যে বিতৰ্কৰ সূচনা কৰাৰ লগতে সামাজিক মাধ্যমত তোলপাৰ লগাইছে। বিহু সমিতি সমূহে ছপা কৰি উলিওৱা স্মৃতি গ্ৰন্থ সমূহৰ পঢ়ুৱৈৰ সংখ্যা বহুত কম হোৱা হেতুকে সেই গ্ৰন্থ সমূহ ছপা কৰিবলৈ যি ধন ব্যয় কৰা হয় সেয়া গ্ৰন্থ ছপা কৰৰ পৰিবৰ্তে কাৰোবাক দি দিবলৈ মন্তব্য আগবঢ়াইছিল। আচলতে শিল্পীগৰাকীয়ে কি উদ্দেশ্য আগত ৰাখি অথবা কি কথা চিন্তা কৰি এই মন্তব্য আগবঢ়াইছিল সেয়া অনুমান কৰাটো অতিকৈ কঠিন। শিল্পীগৰাকীয়ে কৰা এই মন্তব্য খিনি যদি আমি সূক্ষ্মভাৱে পৰ্য্যালোচনা কৰোঁ তেনেহলে নিশ্চিতভাৱে দেখিবলৈ পাম যে তুলনামূলকভাৱে দিনে দিনে অসমীয়া গ্ৰন্থৰ বিক্ৰী আৰু পঢ়ুৱৈৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। হয়তো এনেবোৰ কাৰকৰ বাবে অসমীয়া ভাষা আৰু অসমীয়া সাহিত্য আৰু কিমানদিনলৈ জীয়াই থাকিব তাক লৈ সততে প্ৰশ্ন উত্থাপন হৈ আহিছে। পঢ়ুৱৈৰ সংখ্যা হ্ৰাস হোৱা বাবে গ্ৰন্থ ছপা কৰা বাদ দিয়াটো আচলতে সমাধান কেতিয়াও হব নোৱাৰে। তেনে কৰিলে অতি কম দিনৰ ভিতৰতে অসমীয়া সাহিত্য আৰু ভাষা বিলুপ্তিৰ পথত গতি কৰিব। ইয়াৰ পৰিবৰ্তে সৃষ্টি হোৱা সমস্যা সমূহ কিদৰে সমাধান কৰিব পৰা যায় তাৰ বাবে সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব। যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ যি অভ্যাস সেয়া গঢ়ি তুলিবলৈ যদি জুবিন গাৰ্গৰ নিচিনা প্ৰতিভাশালী আৰু প্ৰভাৱশালী ব্যক্তিসকলে প্ৰচেষ্টা হাতত লয় তেনেহলে নিশ্চিতভাৱে সেয়া ফলপ্ৰসু হোৱাৰ থল আছে। জুবিন গাৰ্গে যি উদ্দেশ্য আগত ৰাখিয়ে এই মন্তব্য আগ নবঢ়হাওক লাগিলে কিন্তু অসমীয়া সমাজৰ পৰা গ্ৰন্থৰ প্ৰচলন বন্ধ কৰি দিয়াটো কোনো কাৰণতে গ্রহণযোগ্য হব নোৱাৰে। নিশ্চিতভাৱে জুবিন গাৰ্গ এগৰাকী আমাৰ দৰে মানুহ। গতিকে তেওঁ কৰা প্ৰতিটো কামেই নিখুঁত হব লাগিব বুলি কোনো বাধ্যবাধকতা থাকিব নোৱাৰে। তেওঁ কৰা কামবোৰৰ মাজত কিছুমান কামত কিবা হয়তো আসোঁৱাহ থাকি যাব পাৰে। কিন্তু আসোঁৱাহ থকা কামটো জুবিন গাৰ্গে কৰিছে বাবে চকু বন্ধ কৰি লৈ শুদ্ধ হোৱা বুলি কোৱাটো কেতিয়াও উচিত নহয়। বৰ্তমান সময়ত হয়তো জুবিন গাৰ্গৰ অন্ধ সমৰ্থক অথবা অনুৰাগীৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে যাৰ বাবে ভুল-শুদ্ধৰ কোনেও বিচাৰ কৰিব নিবিচাৰে। যিহেতু জুবিন গাৰ্গ এগৰাকী যথেষ্ট পৰিশ্ৰমী শিল্পী গতিকে তেখেতক অন্ধভাবে সমৰ্থন কৰা লোকতকৈ ভুল আৰু শুদ্ধৰ মাজত থকা পাৰ্থক্য খিনি আঙুলিয়াই দিব পৰা লোকৰ অতি প্ৰয়োজন। কাৰণ কামৰ হেঁচাত হয়তো জুবিন গাৰ্গে কিছুমান কাম নভবাকৈ কৰি পেলাই অথবা কিছুমান কথা কৈ দিয়ে তাৰ বাবে তেওঁৰ ওচৰত কিছু যোগাত্মক চিন্তাধাৰাৰ ব্যক্তি থকাটো অতি দৰকাৰী। যিহেতু জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে এক সম্পদ, অসমীয়া সমাজৰ বাবে এটা অনুষ্ঠান গতিকে তেওঁ কৰা প্ৰতিটো কাম, প্ৰতিটো কথা সমাজৰ অধিকাংশ লোকে অনুসৰণ কৰে। তেনে এগৰাকী প্ৰভাৱশালী ব্যক্তিয়ে যদি এটা ভুল বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে তেনেহলে সেই ভুল বাৰ্তাই সমাজত এক ঋণাত্মক প্ৰভাৱ পেলোৱাটো ধুৰূপ। যিহেতু জুবিন গাৰ্গ অসমীয়া জাতিৰ বাবে এগৰাকী দায়িত্বশীল ব্যক্তি গতিকে তেওঁ কৰা কিছুমান কামে, কিছুমান কথাই যাতে জাতিটোৰ ক্ষতি নকৰে তাৰ বাবে কিছু পৰিমানে হলেও তেওঁ সচেতন হোৱা উচিত। জুবিন গাৰ্গৰ সচেতনতাই অসমীয়া জাতিটোক, অসমীয়া সমাজখনক এক নতুন দিগন্তৰ দিশে লৈ যোৱাৰ শক্তি আছে।