পোকৰ কামোৰ
শতাব্দী শৰ্মা, আমোলাপট্ৰী, নগাঁও
মোৰ কাণত এটা পোক সোমাইছে !
পোকটোৱে দংশিব পৰাকৈ,
কাণখন কোমল হৈ গৈ আছে।
মোৰ মগজুত এবাহ পোক,
কিৰিলি মাৰি সিহঁতে
কৰ্তৃত্ব জাহিৰ কৰিছে।
পোকবোৰক প্ৰশ্ৰয় দিয়া নিদিয়াৰ দোমোজাত,
ক্ষুদ্ৰ ক্ষুদ্ৰ ঘুণগুৰি।
ঘুণগুৰিবোৰ চাফা হৈ নোযোৱালৈ,
পোকবোৰক স্বাধীনতা দিছো কুৰুকিবলৈ।
পোকৰ ৰাজত্বত হস্তক্ষেপ নকৰাৰ,
পৰিণতিস্বৰূপে অযথা বৈধতা।
সহ্য কৰি চাবলৈ আৰম্ভ কৰিছো,
তীক্ষ্ণ বিষময় কিম্বা সৰল শুং থকা
পোকৰ আচোৰ – কামোৰ।