বেলতলাত বিজেপিৰ বিজয় সংকল্প সমাৱেশ

বেলতলাত বিজেপিৰ বিজয় সংকল্প সমাৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বেলতলা বজাৰস্থিত কালি বেলতলা হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ এক বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি,দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন আদি কেইবাজনো বিজেপিৰ শীৰ্ষ স্থানৰ কাৰ্যকৰ্তাকে আদি কৰি প্ৰায় ৩০০০ জন মান লোক উপস্থিত থাকে। উক্ত সমাৱেশত আটাইবোৰ বক্তাই ৫নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰাৰ আহ্বান জনায়। সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহি মঞ্চত প্ৰৱেশ কৰি নিজৰ চৰকাৰৰ আঁচনি আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰে। লগতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি তুলা ধূনা দিয়ে৷