বেঁকী নৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰে তিনিজন যুৱক! এজনৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বেঁকী নৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰে তিনিজন যুৱক।বৰপেটাৰোডৰ পৰা বুধবাৰে বিয়লিৰ ভাগত একে পৰিয়ালৰ দুই ভাতৃসহ আন এজন বন্ধু গা ধুবলৈ গৈছিল ৷ কিন্তু দুই ভাতৃৰ লগতে বন্ধুজন বেঁকীৰ বুকুত নিখোজ হৈ পৰে ৷ বৃহস্পতিবাৰে পুৱা তাৰে এজনৰ মৃতদেহ বেঁকী নৈত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ৷ আন দুজন যুৱকৰ মৃতদেহৰ কোনো সন্ধান পোৱা নাই ৷জানিব পৰা মতে, বৰপেটাৰোডৰ দুই ভাতৃ দ্বীপ সাহা, ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ একেলগে আহিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ ৷ প্ৰচণ্ড গৰমৰ বাবে তিনিওজনে বেঁকী নৈত গা ধুবলৈ নামিছিল ৷ গা ধুই থাকোতে হঠাৎ তিনি যুৱক বেঁকী নৈৰ দ’ পানীত সন্ধানহীন হৈ পৰে ৷ যোৱা নিশা দুই বজালৈ আৰক্ষী আৰু এছ ডি আৰ এফৰ বাহিনীয়ে বেঁকী নৈত সন্ধান চলাই যদিও বৃহস্পতিবাৰে ৰাজ সাহাৰ মৃতদেহহে উদ্ধাৰ হয় । আন দুজন যুৱকৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷ তিনিওগৰাকী যুৱকৰ ঘৰ বৰপেটাৰোডৰ কৃষ্ণ নগৰত বুলি জানিব পৰা গৈছে । মে’ দিৱসৰ বন্ধ হোৱা হেতুকে তিনি বন্ধুৱে AS-15L 5825 নম্বৰ i10 বাহনেৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত গৈছিল । মৃতদেহ উদ্ধাৰ হোৱা ৰাজ সাহা পেছাত এজন ফটোগ্ৰাফাৰ আছিল । ইপিনে দ্বীপ সাহা আৰু অভিজিৎ কৰ্মকাৰৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যদিও বেঁকী নৈৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে । এই কৰুণ ঘটনাৰ পাচতেই পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে ৷ লগতে সমগ্ৰ বৰপেটাৰোডত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ৷