মেঘ
সত্যজিৎ গগৈ, কলিয়াবৰ, নগাঁও
শুকুলা ডাৱৰৰ সৈতে
সম্পূৰ্ণ গোলাকাৰ জোনটোৱে
অবাধ গতিত দৌৰিছে
যেন আগে আগে এজাক মন হাঁহ,
ক’লা মেঘে ঢাকিব খুজিও
বাৰে বাৰে সাৰি গৈছে
জোনবাইৰ চোকা বুদ্ধিত
এলেহুৱা সময়ৰ কোলাত উঠি
কোনোবাই প্ৰাণখুলি হাঁহিছে,
মেঘে মেঘে হৃদয়ৰ কথা পাতিছে
জোনৰ বুকুৰ তুলসীৰ তলত
শহাপহু এটাই উমলিছে
আমলখি জোপাৰ ফেৰেঙনিত বহি
ফেঁচা এটাই কুৰুলিয়াইছে,
ক্ৰমশঃ শুকুলা ডাৱৰবোৰে
ঘন ক’লা হৈ গিলিব খুজিছে
ধুনীয়াকৈ ওলমি থকা জোনটোক
হৰিণী-নয়না যেন জোনটিক
মেঘে ঢাকি কৰিব খুজিছে শেষ।