উশৃঙ্খল যুৱমানসিকতা আৰু আমাৰ সংস্কৃতি – প্ৰাণ প্ৰতিমা বড়া

উশৃঙ্খল যুৱমানসিকতা আৰু আমাৰ সংস্কৃতি
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
এতিয়া বাপতিসাহোন ৰঙালী বিহুৰ বতৰ ৷ ৰঙালী বিহুৰ বতৰত মানুহৰ মনবোৰ ৰঙীয়াল হৈ পৰে । গাঁৱে-ভূঞে, চহৰে-নগৰে ঢোল-পেপাৰ মাতে গুমগুমাই থকাৰ বতৰ ৷ আগতকৈ বৰ্তমান সময়ত বিহুৰ মাদকতা ম্লান পৰা যেন অনুভৱ হয় যদিও ঠাই বিশেষে এতিয়াও বিহুৰ উদযাপনৰ প্ৰয়াস আন্তৰিকতাৰে উদযাপন কৰি আহিছে অসমৰ লগতে বৰ্হিজগতৰ লোকসকলে ৷ বৰ্তমান সময় জটিলতাৰ গ্ৰাহত পৰিছে ৷ কিয়নো মানুহবোৰ ব্যস্ততাৰ মাজত সহবাস কৰে যদিও বাপতিসাহোন ৰঙালী বিহুৰ উদযাপনৰ কৰিবলৈ প্ৰয়াস কৰে ৷ এতিয়া মঞ্চ-মঞ্চই বিহুৰ অনুষ্ঠান উদযাপনৰ বতৰ ৷  বৰ্তমান সময়ত অসমৰ চুকেকোণে বিহু প্ৰগেমৰ আয়োজকসকলে ৰাইজৰ আমোদৰ বাবে বহু কষ্ট কৰি বিহু অনুষ্ঠানবিলাকৰ আয়োজন কৰে লগতে যথেষ্ট টকাও খৰচ কৰে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল  কিছুমান উশৃঙ্খল মানসিকতাৰ যুৱকে এই অনুষ্ঠানসমূহ সচাৰুৰূপে পৰিচালনা কৰাত বাধা আৰোপ কৰে। ৰাইজৰ ব্যস্ততাপূৰ্ণ জীৱনত অকণমান বিহুৰ আমোদ লবলৈ ৰাইজে নিশাৰ বিহু মঞ্চত প্ৰিয় শিল্পীসকলৰ অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ মন মেলে যদিও কিছুমান উদণ্ড মাতাল যুৱকে ৰাগিয়াল দ্ৰৱ্য সেৱন কৰি  পৰিবেশ-পৰিস্থিতি নষ্ট কৰি এক অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰে। কাজিয়া -মাৰপিট কৰি সমগ্ৰ অনুষ্ঠানৰ পৰিবেশ নষ্ট কৰে। ৰাইজৰ মনত বিহু অনুষ্ঠান উপভোগৰ মানসিকতা নোহোৱা হৈ পৰে। পুলিচ প্ৰশাসনৰ সমস্যাৰ সৃষ্টি হয় ।  উশৃঙ্খল যুৱ মানসিকতাৰ যুৱকসকলক লেকাম লগাব কোনে ই এক জটিল প্ৰশ্ন ? এনে উশৃঙ্খল যুৱ মানসিকতাৰ লোকৰ বাবে বৰ্তমান আমাৰ কৃষ্টি-সংস্কৃতিৰ অপমান হৈ আহিছে। সুস্থিৰ আৰু সবল মানসিকতাৰে তেওঁলোকে যদি অনুষ্ঠান এটা সচাৰুৰূপে চলাবলৈ সুবিধা দিয়ে তেনেহ’লে বিহু পৰিচালনা সমিতি, বিহু প্ৰেমী ৰাইজৰ লগতে পুলিচ প্ৰশাসনৰ দুৰ্ভোগ ভুগিবলগীয়া নহয় লগতে বিহু প্ৰেমী সকলো ৰাইজে মনৰ হেঁপাহেৰে প্ৰিয় শিল্পীসকলৰ অনুষ্ঠান উপভোগ কৰি আনন্দ লব পাৰিলেহেঁতেন!