নিৰ্বাচনৰ  বাবে ২৬ এপ্ৰিলত দৰঙত ৰাজহুৱা বন্ধ ঘোষণা

নিৰ্বাচনৰ  বাবে ২৬ এপ্ৰিলত দৰঙত ৰাজহুৱা বন্ধ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এন আই এক্টৰ অধীনত অসম চৰকাৰে ২৬ এপ্ৰিলৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দৰং ওদালগুৰি লোকসভা সমষ্টিত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে । সেই অনুসৰি, দৰং জিলা প্ৰশাসনে এক আদেশ মৰ্মে জিলাখনৰ ৪৯ নং ছিপাঝাৰ, ৫০ নং মঙলদৈ আৰু ৫১ নং দলগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত সকলো ধৰণৰ চৰকাৰী- বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায়সমূহ , শিক্ষানুষ্ঠান , বেংক – বিত্তীয় প্ৰতিষ্ঠান ,চাহ বাগিচা , উদ্যোগ ,ব্যৱসায় প্ৰতিষ্ঠান আদি উক্ত দিনা বন্ধ থাকিব বুলি জাননী জাৰী কৰিছে।